গুৱাহাটী, ১ ফেব্ৰুৱাৰীঃ ক'ৰনা ভাইৰাছৰ প্ৰকাৰ অ'মিক্ৰনৰ বিষয়ে এটা নতুন তথ্য ওলাইছে। এজন বিশেষজ্ঞৰ মতে, অ'মিক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত ব্যক্তি এজনৰ পৰা ভাইৰাছটো কেইঘণ্টামানৰ ভিতৰতে বিয়পিব পাৰে।
ৰাছিয়াৰ ভেক্টৰ ষ্টেট ৰিচাৰ্চ চেণ্টাৰ অৱ ভাইৰোলজি এণ্ড বায়োটেকন'লজীৰ ইয়েকাতেৰিনবাৰ্গ শাখাৰ মুৰব্বী আলেকজেণ্ডাৰ চেমিয়নোভৰ উদ্ধৃতিৰে এই তথ্যৰ বিষয়ে জানিব পৰৈ গৈছে। আলেকজেণ্ডাৰ চেমিয়নোভে এক বিশেষ সাক্ষাৎকাৰত কৈছে যে, "আটাইতকৈ দুখজনক কথাটো হ'ল যে সংক্ৰমণৰ তীব্ৰতাৰ বাবে মানুহ কেইঘণ্টামানৰ ভিতৰত ক'ভিডৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে, তিনিৰ পৰা চাৰি দিনৰ ভিতৰত নহয়। লগতে, অ'মিক্ৰনৰ পৰা প্ৰায় এসপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰিব পাৰি।"
হংকং বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত কৰা এক অধ্যয়ন অনুসৰি, অ'মিক্ৰন ডেল্টা প্ৰকাৰতকৈ ৭০ গুণ দ্ৰুতগতিত বিয়পে। ২৬ নৱেম্বৰত, বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ আফ্ৰিকাত পোৱা বি.১.১.৫২৯ প্ৰকাৰটোক অ'মিক্ৰন বুলি নামাকৰণ কৰে, যি এতিয়ালৈকে প্ৰায় ১২০ খনতকৈও অধিক দেশলৈ বিয়পি পৰিছে।
Comments