গুৱাহাটী,১ ফেব্ৰুৱাৰী:সংসদত বাজেট উপস্থাপন আৰম্ভ কৰিছে বিত্তমন্ত্রী নির্মলা সীতাৰমনে৷
• ৰাষ্ট্ৰীয় ঘাইপথ বাঢ়িব ২৫ হাজাৰ কিলোমিটাৰলৈ।
• আগন্তুক পাঁচ বছৰত ৬০ লাখ কর্মসংস্থাপন হ’ব৷
• শীঘ্ৰেই বজাৰলৈ আহিব জীৱন বীমা নিগমৰ আইপিও৷
• চলিত বিত্তীয় বর্ষতেই আৰম্ভ হ’ব ই-পাছপোর্ট৷
• দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেঙ্কিং ইউনিট গঠন কৰা হ’ব৷
• অনলাইনত পঢ়া-শুনাত উৎসাহ দিবলৈ ডিজিটেল বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হ’ব৷
• ক্ষুদ্র আৰু মজলীয়া শিল্পক উৎসাহ দিবলৈ ২ লক্ষ ৭৩ কোটি টকাৰ প্রকল্প ঘোষণা৷
• ৮০ লাখ পৰিয়ালৰ ঘৰ পিএম আবাস যোজনাত৷
প্রধানমন্ত্রী আবাস যোজনাত ২০২২-২৩ চনত ঘৰ পাব ৮০ লক্ষ পৰিয়ালে। প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ২০২২-২৪ৰ বাবে ৬০ হাজাৰ কোটি আবণ্টন।
• উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ বাবে ১,৫০০ কোটি টকা আবণ্টন হ’ব।
•৫টি নদী সংযোগ প্রকল্প।
• ৩ কোটি ৮০ লাখ পৰিয়ালক দমকলৰ পানী যোগানৰ বাবে ৬০ হাজাৰ কোটি আবণ্টন।
•পার্বত্য অঞ্চলত ৰাষ্ট্ৰীয় ৰোপৱে’, ৬০ কিমি দীর্ঘৰ ৮টা ৰোপৱে’ হ’ব
•বিশেষ অর্থনৈতিক অঞ্চল (এছইজেড)ৰ বাবে নতুন আইন অনা হ’ব।
•২০২২-২৩ৰ ভিতৰত ৫জি মোবাইল সেৱা আৰম্ভ হ’ব। ২০২৫ৰ ভিতৰত সকলো গাঁৱতে অপটিকেল ফাইবাৰৰ পৰিকল্পনা।
•‘গ্রিন ক্লিয়াৰেন্স’ পোৰ্টেলৰ পৰিধি বৃদ্ধি হ’ব। ‘ই-পাছপোর্ট’ ইছ্যু কৰা হ’ব ২০২২-২৩ বিত্তীয় বর্ষত। নগৰ পৰিকল্পনাৰ বাবে উচ্চ-পর্যায়ৰ কমিটি গঠন কৰা হ’ব।
•সকলো চৰকাৰী ক্রয়ৰ বাবে অনলাইন ই-বিলৰ সুবিধা। ৮টা ভাষাত ভূমি ৰেকর্ডৰ তথ্য ৰখা হ’ব।
•ন্যূনতম সহায়ক মূল্যৰ অধীনত ফচল ক্ৰয়ৰ বাবে ২ লক্ষ ৩৭ হাজাৰ কোটি টকা আবণ্টন।
•আৰবিআইৰ অধীনত ডিজিটেল মুদ্রা প্ৰচলন কৰা হ’ব। ক্রিপ্টোকাৰেন্সিৰ দৰে ব্লক পদ্ধতিত এই মুদ্রা লেনদেনৰ তথ্য ৰখা হ’ব।
•১০ লক্ষ ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীয়ে ঋণৰ সুবিধা পাব।
•কৃষিক্ষেত্রত উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক উন্নতমানৰ গৱেষণা উপলব্ধ কৰাবলৈ নতুন প্রকল্প৷
•কৰদাতাসকলে ২ বছৰৰ ভিতৰত আপডেট ৰিটার্ন ফাইল কৰিব পাৰিব। ভুল সংশোধন কৰি ২ বছৰৰ ভিতৰত এই আপডেট ৰিটার্ন ফাইল কৰাব পাৰিব।
•প্রত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ কৰাৰ কথা ঘোষণা৷
•ৰাষ্ট্ৰীয় পেঞ্চন প্রকল্পত কৰ ৰেহাই বৃদ্ধি হ’ল ১৪ শতাংশ।
•ছাৰচার্জ কমিল কো-অপাৰেটিভবোৰৰ,কো-অপাৰেটিভবোৰৰ ছাৰচার্জ ১২ শতাংশৰ পৰা কমি হ’ল ৭ শতাংশ।
•কর্পোৰেট কৰ ১৮ শতাংশৰ পৰা কমি হ’ল ১৫ শতাশ৷
•আয়কৰ আন্তঃগাঁথনিৰ কোনো সলনি নহয় বুলি ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রীৰ।
•বিশেষভাবে সক্ষমসকলৰ বাবে কৰ ৰেহাইৰ পৰিমাণ বৃদ্ধি। আয়কৰত ৰেহাই দিয়া হৈছে পেঞ্চনভোগীসকলক। ডিজিটেল সম্পত্তিৰ লেনদেনত ৩০ শতাংশ আয়কৰ।
•“বাজেটত থাকিব আগন্তুক ২৫ বছৰৰ ব্লু প্রিন্ট।”
•এইবাৰৰ বাজেটত আন্তঃগাঁথনি নির্মাণত ২০ হাজাৰ কোটি আবণ্টন৷
•পৰিসেৱা খণ্ডত ৫ লক্ষ কোটি টকা আবণ্টনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ।
Comments