গুৱাহাটী, ১ ফেব্ৰুৱাৰীঃ বহুলোকে মাছ প্ৰতিপালন কৰিবলৈ ভাল পায়। হয়টো বহুতৰে ঘৰত একুৰিয়ামৰ ভিতৰত থকা ৰঙীন মাছ দেখিছে। কিন্তু কোনোবাই কেতিয়াবা ভাবিছেনে যে এটা মাছ কিমান পুৰণি হ'ব পাৰে? ঘৰত প্ৰতিপালন কৰা মাছৰ জীৱনকাল মাত্ৰ কেইবছৰমানহে হয়। বিশেষজ্ঞসকলৰ মতে, গ'ল্ডফিছে কেইবা দশক ধৰি জীয়াই থাকিব পাৰে। কিন্তু কোনেও হয়টো নাজানে যে পৃথিৱীত এনে এটা মাছও আছে যি কেইবা দশক ধৰি একুৰিয়ামত বাস কৰে। ইয়াক পৃথিৱীৰ আটাইতকৈ পুৰণি মাছ বুলিও গণ্য কৰা হয়।
এক প্ৰতিবেদন অনুসৰি এই মাছটোৰ নাম হৈছে মেথুচেলাহ। ইয়াক একুৰিয়ামৰ আটাইতকৈ পুৰণি জীৱিত মাছ বুলি গণ্য কৰা হয়। মাছটোৱে সতেজ ডিমৰু খাবলৈ ভাল পাই আৰু ইয়াক প্ৰতিপালন কৰা মানুহে ইয়াৰ পেটত মালিচ কৰিলে আৰু ভাল পাই। কেলিফৰ্ণিয়া একাডেমী অফ চাইন্সেছৰ জীৱবিজ্ঞানীসকলৰ মতে, মেথুচেলাহৰ বয়স ৯০ বছৰ আৰু ইয়াৰ প্ৰজাতিৰ আন কোনো মাছ জীয়াই নাথাকে।
বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, মেথুচেলাহ ৪ ফুট দীঘল আৰু ইয়াৰ ওজন প্ৰায় ১৮ কিলোগ্ৰাম। মেথুচেলাহ হৈছে অষ্ট্ৰেলিয়ান লংফিছৰ এটা প্ৰজাতি। মাছটো অষ্ট্ৰেলিয়াৰ পৰা ১৯৩৮ চনত চান ফ্ৰাঞ্চিস্কো একুৱাৰিয়ামলৈ স্থানান্তৰ কৰা দিয়া হয়।
কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছৰ জ্যেষ্ঠ জীৱবিজ্ঞানী এলান জানৰ মতে, "মেথুচেলাহ হৈছে আটাইতকৈ পুৰণি মাছ। ইয়াৰ তেজ আৰু শৰীৰৰ পৰীক্ষা এতিয়াও কৰা হোৱা নাই। এই মাছৰ লিংগ জনাটো কঠিন।
Comments