গুৱাহাটী,১ ফেব্ৰুৱাৰী : মহানগৰবাসীৰ বাবে সুখবৰ । মহানগৰৰ লোকক সহায় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ মহানগৰ আৰক্ষী প্ৰশাসন । বৰ্তমান মহানগৰবাসীৰ সুবিধাৰ্থে আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ । এতিয়াৰে পৰা যিকোনো বিপদ বা জৰুৰীকালীন সময়ত ফোন কৰক এই বিশেষ হেল্পলাইন নম্বৰত ৷সুখবৰ ! মহানগৰবাসীৰ বাবে মুকলি হ'ল বিশেষ হেল্পলাইন নম্বৰএই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নাগৰিকসকলে যিকোনো অসুবিধাত পৰিলে আৰক্ষীৰ সহায় ল’ব পাৰিব । নম্বৰ দুটাত হোৱাটছএপ মেচেজ, ফটো,কিম্বা লিংক থাকিলে দিব পাৰিব আৰক্ষীক ।
তদুপৰি কিবা অভিযোগ ৰাইজে জনাব পাৰিব আৰক্ষীক । আৰু এই ক্ষেত্ৰত কোনো কাৰণতে আৰক্ষীয়ে ব্যক্ত নকৰে অভিযোগ দাখিল কৰা ব্যক্তিৰ পৰিচয় । সম্পূৰ্ণ গোপনে ৰখা হ’ব ব্যক্তিৰজনৰ নাম আৰু পৰিচয় ।সহায়ৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰ দুটা হৈছে 6026901246 আৰু 6026901247 । আৰক্ষীয়ে জানিবলৈ দিয়া মতে ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব এই দুয়োটা নম্বৰ । সম্প্ৰতি বহু লোকে বিভিন্ন তথ্য প্ৰেৰণ কৰা বুলি সোমবাৰে সংবাদ মাধ্যমেলযোগে জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে।
Comments