গুৱাহাটী,৩ ফেব্ৰুৱাৰী:ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আগন্তুক এদিনীয়া শৃংখলা আৰম্ভ যোৱাৰ আগতে টীম ইণ্ডিয়াৰ ৩ জন তাৰকা খেলুৱৈৰ দেহত কৰ'না ভাইৰাছৰ উপস্থিতি ধৰাত পৰিছে। আহমেদাবাদত উপস্থিত হোৱাৰ পিছত জ্যেষ্ঠ বেটছমেন শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ আৰু ৰুতুৰাজ গায়কৱাডে ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল। এই তিনিজন খেলুৱৈৰ উপৰিও, সহায়ক কৰ্মচাৰীৰ পাঁচজন সদস্যও এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমান এই সকলো খেলুৱৈ আৰু কৰ্মচাৰী সকলৰ আইছ'লেশ্যন হৈ আছে আৰু চিকিৎসকসকলে তেওঁলোকক নিৰীক্ষণ কৰি আছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিষয়াসকলে এই সন্দৰ্ভত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা কেইদিনমানৰ বাবে স্থগিত ৰখাৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে। এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু সোনকালেই পৰিষদে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। দুয়োটা দলে ৬ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত তিনিখন এদিনীয়া শৃংখলা খেলিব,কিন্তু কৰ'না সংক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইয়াক লৈ সংশয়ৰ সৃষ্টি হৈছিল।
Comments