গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা বৰ্তমান মাতৃ হোৱাৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে। শেহতীয়াকৈ, স্বামী নিক জোনাছৰ সৈতে, তেওঁ অনুৰাগীসকলক কৈছে যে দুয়োজনৰ চাৰোগেচীৰ জৰিয়তে পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য হৈছে। এই শুভবাতৰিটো দিয়াৰ পিছত দম্পতীহালৰ ঘনিষ্ঠ বন্ধু আৰু অনুৰাগীসকলে তেওঁলোকক অভিনন্দন জনাইছে।
মাতৃ হোৱাৰ পিছত প্ৰিয়ংকা আনন্দত আত্মাহাৰা হৈ পৰিছে। প্ৰিয়ংকাই মাতৃ হোৱাৰ কথা ঘোষণা কৰাৰ লগতে নিজৰ অনুভৱ ব্যক্ত কৰি ইনষ্টাগ্ৰামত লিখিছে। য'ত এখন ছবিত প্ৰিয়ংকা চোপ্ৰাক গাড়ীত বহি থকা অৱস্থাত পিছফালৰ দাপোনৰ পৰা চেলফি লোৱা দেখা গৈছে। ফটোবোৰ শ্বেয়াৰ কৰি, তেওঁ শিৰোনামটোত লিখিছে যে, "পোহৰবোৰ ভাল লগা হৈছে।"
প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ এই ফটোবোৰ ইনষ্টাগ্ৰামত প্ৰচাৰ কৰাত অনুৰাগীসকলেও বৰ ভাল পাইছে। এজনে লিখিছে, "আপোনাৰ উজ্জ্বলতা।" আন এজনে মন্তব্য কৰিছে, "হেল্ল মা।" ইয়াৰ উপৰিও, আন ব্যৱহাৰকাৰীসকলেও প্ৰিয়ংকাক যথেষ্ট প্ৰশংসা কৰিছে।
আনহাতে, প্ৰিয়ংকা চোপ্ৰাই অনুৰাগীসকলক উদ্দেশ্যি ইনষ্টাগ্ৰাম একাউণ্টত মাতৃ হোৱাৰ বিষয়ে অৱগত কৰি লিখিছে, "মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছো যে আমি আমাৰ সন্তানটিক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছোঁ। বৰ্তমান পৰিয়ালৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে এই বিশেষ সময়তখিনিত অলপ গোপনীয়তা বিচাৰিছোঁ আৰু ইয়াৰ বাবে আপোনালোকক সন্মান সহকাৰে অনুৰোধ জনাইছোঁ। আপোনালোকলৈ বহুত ধন্যবাদ।"
Comments