গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ মেগাষ্টাৰ অমিতাভ বচ্চনৰ মুম্বাইত বহুতো বিলাসী সম্পত্তি আছে কিন্তু শেহতীয়াকৈ তেওঁ গুলমোহাৰ পাৰ্কত তেওঁৰ দক্ষিণ দিল্লীৰ সোপান নামৰ ঘৰটো বিক্ৰী কৰিছে। খবৰ অনুসৰি ঘৰ বিক্ৰী কৰাৰ চুক্তি ২৩ কোটি টকাৰ বিনিময়ত চূড়ান্ত কৰা হৈছে।
এক বিশেষ প্ৰতিবেদনৰ পৰা জানিব পোৱা মতে, অভিনেতা বচ্চনৰ পাৰিবাৰিক বাসভৱন সোপানক নেজ'ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া অৱনী বদৰে দ্বাৰা ক্ৰয় কৰিছে। বদৰে বহু বছৰ অগৰ পৰাই বচ্চন পৰিয়ালৰ সৈতে চা-চিনাকী আছে।
এই বিষয় সন্দৰ্ভত বদৰে কয় যে, "এইটো এটা পুৰণি। বাসগৃহ, সেয়েহে আমি আমাৰ প্ৰয়োজনীয়তা অনুসৰি ইয়াৰ গাঁথনিটো ভাঙি পুনৰ নিৰ্মাণ কৰিম। আমি বহু বছৰ ধৰি এই অঞ্চলটোত বাস কৰি আছোঁ আৰু আমি অতিৰিক্ত সম্পত্তি বিচাৰি আছিলোঁ। যেতিয়া এই প্ৰস্তাৱটো মোৰ ওচৰলৈ আহে, মই তৎক্ষণাৎ মান্তি হওঁ আৰু এই সম্পত্তিটো ক্ৰয় কৰোঁ।"
ইপিনে অমিতাভ বচ্চনৰ স্বৰ্গীয় পিতৃ তথা প্ৰসিদ্ধ কবি হৰিবংশী ৰায় বচ্চন আৰু স্বৰ্গীয় মাতৃ তেজী বচ্চনে দিন অতিবাহিত কৰা এই বাসগৃহটোৰ ৪১৮.০৫ বৰ্গ মিটাৰ সম্পত্তিৰ বাবে পঞ্জীয়ন ৭ ডিচেম্বৰত সম্পূৰ্ণ হৈছে।
এই বাসগৃহটোত স্বৰ্গীয় হৰিবংশী ৰায় বচ্চনে বাস কৰাৰ সময়ত বহুটো কবিতা ৰচনা কৰিছে লগতে এই দুমহলীয়া সোপান বাসগৃহটো অমিতাভৰ স্বৰ্গীয় মাতৃ তেজী বচ্চনৰ নামত পঞ্জীয়ন কৰা আছে।
Comments