গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ যদিও অনলাইন উপায়েৰে ক্ৰয় আৰু বিক্ৰী কৰাটো নতুন কথা নহয়, কিন্তু যেতিয়া কোনোবাই তেওঁৰ স্বামীক এনে এটা নিলাম কৰা ৱেবছাইটত বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিয়ে, তেতিয়া সকলোৱে আচৰিত হোৱাটো স্বাভাৱিক। ঠিক তেনে এটা ঘটনা নিউজিলেণ্ডৰ পৰা পোহৰলৈ আহিছে য'ত এগৰাকী পত্নীয়ে তেওঁৰ স্বামীক এটা নিলাম কৰা ৱেবছাইটত বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিয়ে।
বিশেষ সূত্ৰৰ পৰা জানিব পোৱা মতে, আইৰিছ মহিলা লিণ্ডা মেকএলষ্টাৰে তেওঁৰ স্বামী জন আৰু দুই সন্তানৰ সৈতে নিউজিলেণ্ডত বাস কৰে। লিণ্ডোই তেওঁৰ স্বামীক বিক্ৰী কৰিবলৈ এটা বিজ্ঞাপন উলিয়াইছে, য'ত তেওঁ লিখিছে যে, "মই বিশ্বাসী যে আপোনালোকে মোৰ স্বামীক ভালদৰে খোৱা-বোৱাৰ যোগান ধৰিব।"
আনাহতে, আশ্চৰ্যজনক কথা এইটো যে, বহুতো মহিলাই এই বিজ্ঞাপনটো গুৰুত্বসহকাৰে লয় আৰু ১২ গৰাকী মহিলাই ইয়াত বেছিকৈ আগ্ৰহ দেখুৱায়। কিন্তু কেইঘণ্টামানৰ পিছত ৱেবচাইটত সেই বিজ্ঞাপনটো আঁতৰাই দিয়া হয়।
ইপিনে, বিজ্ঞাপনটোত লিণ্ডোই বৰ্ণনা কৰা তথ্যসমূহ আছিল, "উচ্চতা ৬ ফুট ১ ইঞ্চি, বয়স ৩৭ বছৰ। তেওঁ শ্বুটিং আৰু মাছ ধৰি ভাল পায়। তেওঁ এজন কৃষক।"
Comments