Classifieds
View All
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : বৰপেটাত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাত বিধি পথালি দিয়া বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ পক্ষত নাই কংগ্ৰেছ বিধায়িনী দল । এই কথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক এক পত্ৰযোগে জনাই দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
বুঢ়াসত্ৰীয়াগৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে এনেদৰে, বৰপেটা সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰশাসনে লোৱা প্ৰচেষ্টাত অসম বিধানসভাৰ এজন সদস্যই বিধি-পথালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে । এই কাৰ্য মুঠেও গ্ৰহণযোগ্য নহয় ।
আনহাতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীয়ে ইতিমধ্যে বিষয়টোক লৈ আৰক্ষীৰ কাষ চাপিব লগীয়া হোৱাত বিৰোধী দলপতিগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷
Comments