গুৱাহাটী,৪ ফেব্ৰুৱাৰী:পুনৰ বিতৰ্ক বেইজিং অলিম্পিকক লৈ৷ এইবাৰ অলিম্পিকৰ মঞ্চ পালে ভাৰত-চীনৰ গালৱান বিতৰ্ক৷ যাৰ ফলত বেইজিঙৰ শীতকালীন অলিম্পিক বৰ্জনৰ সিদ্ধান্ত ভাৰতৰ কূটনৈতিক মহলৰ। উল্লেখ্য, ইতিমধ্যে আমেৰিকাৰো চৰকাৰী বিষয়া প্ৰতিনিধিসকলে বেইজিং অলিম্পিক বৰ্জনৰ সিদ্ধান্ত লৈছিল৷
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে জনোৱা মতে, অলিম্পিকক লৈ ৰাজনীতি কৰিছে চীনে৷ যিটো অতি দুখজনক। ভাৰতৰ বিৰুদ্ধে গালৱান প্রদেশত যুদ্ধ কৰা পিপলছ লিবাৰেচন আর্মিৰ এজন সেনাক শীতকালীন অলিম্পিকৰ শিখা বহনৰ দায়িত্ব দিছে বেইজিঙে। এই ঘটনাতেই ক্ষুব্ধ ভাৰত৷ সেয়ে অলিম্পিকৰ উদ্বোধনী বা সামৰণী কোনো অনুষ্ঠানতেই উপস্থিত নাথাকে ভাৰতৰ কোনো দূত।
জানিব পৰা মতে, অলিম্পিক শিখা বহনৰ দায়িত্ব দিয়া কি ফাবাওৱেই ২০২০ চনত গালৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত আক্রমণ কৰিবলৈ গৈ ধৰা পৰিছিল। ২০২০ৰ ১৫ জুনত চীনে ভাৰতীয় সেনাৰ ওপৰত কৰা আক্রমণৰ নেতৃত্ব দিছিল ফাবাওৱে। ছহিদ হৈছিল ভাৰতৰ কর্নেল বিক্কুমাল্লা সন্তোষ। এই তথ্যৰে ক্লেক্সন নামৰ এখন অষ্ট্ৰেলিয়ান সংবাদ-পত্রই এক ৰিপোৰ্ট প্ৰকাশ কৰিছে। তাৰ পিছতেই ভাৰতৰ কূটনৈতিক মহলৰ এই সিদ্ধান্ত।
Comments