গুৱাহাটী,৪ ফেব্ৰুৱাৰী:মেটাৰ বিফলতাৰ বাবে মাৰ্ক জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ৩০ বিলিয়ন ডলাৰৰলৈ হ্ৰাস হৈছে।ইয়াৰ বাবে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানিয়ে এতিয়া সম্পত্তিৰ ফালেৰে মাৰ্ক জুকাৰবাৰ্গক অতিক্ৰম কৰিছে। ফৰ্বছ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানীয়ে মুকেশ আম্বানীকো অতিক্ৰম কৰি তেওঁ এতিয়া ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। গৌতম আদানিৰ মুঠ সম্পত্তিৰ মূল্য ৮৯.৯ বিলিয়ন ডলাৰ আৰু তেওঁ বিশ্বৰ দশমজন ধনী ব্যক্তি। ৮৯.৪ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে, মুকেশ আম্বানী ১১ তম স্থানত আছে। ৮৪.৮ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে, মাৰ্ক জুকাৰবাৰ্গ এতিয়া দ্বাদশ স্থানত উপনীত হৈছে। টেছলাৰ মুৰব্বী এলন মাস্কে ২৩২ বিলিয়ন ডলাৰৰ সৈতে প্ৰথম স্থান দখল কৰিছে।
জুকাৰবাৰ্গৰ সম্পদৰ এই হ্ৰাস ঐতিহাসিক। টেছলাৰ এলন মাস্কৰ নাম এদিনত সম্পত্তিৰ ক্ষতিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে। ২০২১ চনৰ নৱেম্বৰ মাহত তেওঁৰ সম্পত্তি দৈনিক ৩৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছিল। দৰাচলতে, তেওঁ টুইট কৰি সুধিছিল যে তেওঁ টেছলাত তেওঁৰ ১০ শতাংশ অংশ বিক্ৰী কৰিব লাগে নে নাই। সেই পতনৰ পিছত, টেছলাৰ ষ্টক এতিয়ালৈকে আগৰ স্তৰলৈ পুনৰুদ্ধাৰ হোৱা নাই।
Comments