Classifieds
View All
লখিমপুৰ, ৪ ফেব্ৰুৱাৰী ; অসম-অৰুণাচল সীমান্তৱৰ্তী পথালিপাহাৰৰ 'সীমান্ত প্ৰহৰী আদৰ্শ গাঁৱ'ৰ ভূমি অৰুণাচলীয়ে বেদখল কৰাক কেন্দ্ৰ কৰি আজি এক অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই । ছাত্ৰ সংগঠনটিযে খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা, টি এম পি কেৰ হাৰমতী আঞ্চলিক সমিতি স্থানীয় ৰাইজৰ উদ্যোগত
অসমৰ ভূমি অৰুণাচলীয়ে বেদখল কৰা কায্য কোনোপধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনক কঠোৰভাবে সমালোচনা কৰি ’সীমা সমস্যা সমাধান কৰক’ , ’অৰুণাচলীৰ বেদখল ৰোধ কৰক’ , ’অসম চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Comments