Classifieds
View All
গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ শিৱসাগৰত এক অতি ভয়াবহ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে, য'ত তৰ্ক-বিতৰ্কৰ পিছতে এজন ব্যক্তিয়ে জীৱন্তে নিজৰ মাতৃক জুই লগাই দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো শুক্ৰবাৰে পুৱা গোহাইগাঁও অঞ্চলত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
পৰৱৰ্তী সময়ত মাতৃগৰাকীক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱাত কোনোমতে প্ৰাণ ৰক্ষা পৰে।
স্থানীয় লোকৰ পৰা জানিব পোৱা অনুসৰি সন্তোষ চাহু নামৰ লোকজনে মাতৃৰ সৈতে তীব্ৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈ খঙত মাকক জীৱন্তে অগ্নিসংযোগ কৰে। অৱশ্যে, স্থানীয় লোকসকলে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাত জীৱন ৰক্ষা পৰে। পৰৱৰ্তী সময়ত, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সন্তোষক গ্ৰেপ্তাৰ কৰে।
Comments