গুৱাহাটী,৭ ফেব্ৰুৱাৰী:ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰিছে। তেওঁলোকে বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ সন্মুখত এই পদত্যাগ পত্ৰ দাখিল কৰিছে।পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত এতিয়া বৰ্মন আৰু সাহা নতুন দিল্লী উৰামাৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে । কিয় বিধায়ক দুগৰাকীয়ে এইদৰে হঠাৎ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ উল্লেখযোগ্য যে, অনাগত বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন ৷ এতিয়া, বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিধায়ক দুগৰাকীয়ে বিধায়ক পদ ত্যাগ কৰাৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷মন কৰিব লগীয়া যে, পূৰ্বৰ মানিক সৰকাৰৰ দীঘলীয়া শাসনৰ অন্তত ২০১৮ চনত ত্ৰিপুৰাৰ শাসনৰ মছনদত বহিবলৈ সক্ষম হৈছিল বিপ্লৱদেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰ ৷
পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে, ৰাজ্যখনত লাহে লাহে জনপ্ৰিয়তা বৃদ্ধি পাইছে তৃণমূল কংগ্ৰেছৰো ৷ এতিয়া, এনে এটা সময়ত সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদ ত্যাগ কৰা বিষয়টো নিশ্চিতভাৱে হৈ পৰিছে বিপ্লৱদেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে এক মোক্ষম আঘাট ৷ অৱশ্যে, দুয়ো এইদৰে বিধায়ক পদ ত্যাগ কৰি কি পন্থা অৱলম্বন কৰে সমাগত সময়ত সেয়া হ’ব লক্ষণীয় ৷
Comments