Cartoon
View Older
গুৱাহাটী,৮ ফেব্ৰুৱাৰীঃ ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ ক’ভিডক প্ৰত্যাহ্বান জনাবৰ বাবে অসমৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কলিয়াবৰত মন্তব্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । লগতে সংক্ৰমণ হ্ৰাস হোৱালৈ এই শিথিলতা জাৰি কৰাৰ ইংগিত প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
আগন্তুক উচ্চতৰ মাধ্যমিক, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক ক'ভিড ভেকচিন ফেব্ৰুৱাৰী মাহৰ শেষলৈ সকলো পৰীক্ষাৰ্থীকে অতি কমেও এটা ভেকচিন দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ কথা মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ কিছুসংখ্যকে জাপানীছ এন্কেফেলাইটিছৰ ভেকচিন লোৱাৰ ২৮ দিনৰ পাছতহে তেওঁলোকক ক'ভিড ভেকচিন দিব পৰা যাব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।
Comments