গুৱাহাটী,৭ ফেব্ৰুৱাৰী:সুৰ সম্রাজ্ঞী, কোকিলকণ্ঠী লতা মঙ্গেশকাৰৰ মৃত্যুত অপূৰণীয় ক্ষতি সঙ্গীতৰ পৰা বলিউড জগতলৈ। তেওঁৰ মৃতুত অশ্ৰুসিক্ত নয়ন দেশবাসীৰ। মাত্র ১৩ বছৰ বয়সতে আৰম্ভ কৰিছিল তেওঁ সুৰৰ জগতৰ যাত্ৰা৷ গানৰ জগতত প্ৰৱেশ কৰিছিল সকলোৰে প্ৰিয় ‘লতা দিদি’য়ে। কিন্তু তেওঁ যে বিখ্যাত গায়িকাই আছিল তেনে নহয়৷ অভিনয়ৰ জগততো চাপ ৰাখি থৈ গৈছে লতা মংগেশকাৰে।
লতা মংগেশকাৰৰ পূৰ্বৰ নাম আছিল হেমা। কিন্তু তেওঁৰ পিতৃ দীননাথ মঙ্গেশকাৰৰ ‘ভাব বন্ধন’ নাটকত ‘লতিকা’ৰ চৰিত্রত অভিনয়ৰ পিছৰ পৰা তেওঁ ‘লতা’ নামেৰে জনপ্রিয় হৈ উঠে। ‘সত্যম শিৱম সুন্দৰম’- চিত্রনাট্য নাটকত ৰাজকাপুৰে লতাজিক অভিনয়ৰ বাবে আহ্বান জনাইছিল। কিন্তু সেই সময়ত তেওঁ সেয়া প্ৰত্যাখ্যান কৰে। মাত্ৰ ৫ বছৰ বয়সতে তেওঁ মাৰাঠী নাটক ‘সংগীত নাটক’ত পিতৃৰ সৈতে অভিনয় কৰিছিল তেওঁ।
কিন্তু অভিনয়ৰ প্ৰতি আৰম্ভণিৰ পৰাই তেনে এটা আগ্ৰহ নাছিল লতা মঙ্গেশকাৰৰ। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ পিতৃহাৰা হয়। তেতিয়া সংসাৰৰ দায়িত্ব আহি কান্ধত পৰে কিশোৰী লতাৰ৷ সেয়ে কেইখনমান মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিবলগা হৈছিল তেওঁ। ১৯৪২ চনত ‘পাহিলি মঙ্গলা-গৌৰ’ নামৰ এখন ছবিত তেওঁ অভিনয় কৰে। জনপ্রিয় অভিনেত্রী স্নেহপ্রভা প্রধানৰ সৰু ভনীয়েকৰ চৰিত্রত অভিনয় কৰিছিল তেওঁ।
ইয়াৰ পিছত ১৯৪৫ চনত মাষ্টাৰ বিনায়কৰ পৰিচালিত ছবি ‘বাদি মা’ত অভিনয় কৰিছিল লতা মংগেশকাৰে। উক্ত ছবিখনত তেওঁৰ ভগ্নী আশা ভোশলেইও অভিনয় কৰিছিল। লতা মংগেশকাৰে ১৯৪৩ চনত ‘মাঝে বল’ আৰু ‘চিমকুলা সংসাৰ’ ছবিত অভিনয় কৰিছিল৷ আনহাতে, ১৯৪৪ চনত ‘গজভাউ’ ১৯৪৬ চনত ‘জীৱনযাত্রা’ ১৯৪৮ চনত ‘মান’ আৰু ১৯৫২ চনত ‘ছত্রপতি শিৱাজী’ ছবিত অভিনয় কৰিছিল আৰু জনপ্রিয় হৈছিল।
Comments