গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ বিখ্যাত ধাৰাবাহিক 'মহাভাৰত'ত 'ভীম'ৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চবতিৰ সোমবাৰে নিশা ৯:৩০ বজাত হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। প্ৰবীণ কুমাৰ চবতীয়ে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে। পঞ্জাৱৰ অন্তৰ্গত প্ৰবীণে বলীউডৰ বহুতো চলচ্চিত্ৰত অভিনয় কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰিছিল।
'মহাভাৰত'ত ভীমৰ চৰিত্ৰত প্ৰবীণ কুমাৰৰ অভিনয় সকলোৱে বাৰুকৈয়ে পছন্দ কৰিছে। সুন্দৰ ওখ ব্যক্তি প্ৰবীণ কুমাৰ চবতীয়ে তেওঁৰ অভিনয়েৰে ভীমৰ চৰিত্ৰটি প্ৰাণৱন্ত কৰি তুলিছে। তেওঁ এই ধাৰাবাহিকখনৰ পৰা যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
অভিনয়ত যোগদান কৰাৰ পূৰ্বে, প্ৰবীণ কুমাৰ এজন ডিচকাচ থ্ৰ' এথলীট আছিল। তেওঁ এছিয়ান গেমছত ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক জিকিছে। তেওঁ এছিয়ান আৰু কমনৱেলথ গেমছত পদক জিকি দেশলৈ সুনাম কঢ়িয়াই আনে। তাৰ পিছত তেওঁক অৰ্জুন বঁটাৰেও সন্মানিত কৰা হয়। ক্ৰীড়া জগতত সুনাম অৰ্জন কৰাৰ পিছত, তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) চাকৰিও লাভ কৰে, কিন্তু কেইবছৰমানৰ পিছত প্ৰবীণ কুমাৰ চবতীয়ে সেই দায়িত্বৰ পৰা অব্যাহতি লয়।
বিগত বৰ্ষৰ জিচেম্বৰত এক বিশেষ সাক্ষাৎকাৰত প্ৰবীণ কুমাৰে কয় যে, "মোৰ স্বাস্থ্য সিমান ভাল নহয়, সেয়েহে মই ঘৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে। মোৰ পৰিয়ালৰ লোকে মোক খোৱা-বোৱাৰ বহু যতন লোৱাৰ লগতে মই বহুটো খাদ্য পৰিহাৰ কৰিব লগা হৈছে। মোৰ পত্নী বীনাই ঘৰত মোৰ ভালদৰে যত্ন লয়।"
ইপিনে, প্ৰবীণ কুমাৰে পেঞ্চন সন্দৰ্ভত পঞ্জাৱ চৰকাৰৰ ওচৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কৈছে যে, "মোৰ ওচৰত পঞ্জাৱ চৰকাৰৰ বহুটো অভিযোগ আছে। এছিয়ান গেমছ বা পদক জয় কৰা সকলো খেলুৱৈক পেঞ্চন দিয়া হৈছে, কিন্তু মোক পেঞ্চন দিয়া হোৱা নাই। মই একমাত্ৰ খেলুৱৈ আছিলোঁ, যিয়ে কমনৱেলথক প্ৰতিনিধিত্ব কৰিছে। তথাপিও, পেঞ্চনৰ ক্ষেত্ৰত মোক আৰু মোৰ মাতৃৰ সৈতে সৎ ব্যৱহাৰ কৰা নাছিল।" প্ৰবীণ কুমাৰে এই অভিযোগটোৰ পিছতে যথেষ্ট আলোচনাত আছিল।
Comments