গুৱাহাটী,৮ ফেব্ৰুৱাৰী:বিচিচিআইৰ প্ৰাক্তন এডমিনিষ্ট্ৰেটৰ ৰত্নাকৰ চেট্টীয়ে তেওঁৰ নৱতম গ্ৰন্থ ’অন বৰ্ড:টেষ্ট, ট্ৰায়েল আৰু ট্ৰায়াম্ফ’ত ভাৰতীয় ক্ৰিকেট দলৰ আভ্যন্তৰীণ কিছু কথা উল্লেখ কৰিছে যিয়ে সৃষ্টি কৰিছে কিছু বিতৰ্কৰ।তেওঁ গ্ৰন্থখনত দাবী কৰিছে যে ২০১৭ চনত অনিল কুম্বলে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰা ঘটনাটো সকলোৰে বাবে আচৰিত আছিল।
তেওঁ ইয়াৰ মূল কাৰণ হিচাপে লিখিছে কিংবদন্তি স্পিনাৰ কুম্বলে আৰু তেতিয়াৰ অধিনায়ক বিৰাট কোহলীৰ মাজত হোৱা প্ৰচণ্ড মতবিৰোধ।২০১৭ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এবছৰৰো কম সময়ৰ ভিতৰত কুম্বলে কোহলীৰ শীতল যুদ্ধত কথা সৰ্ব বজনবিদিত হৈ পৰিছিল।
২০১৭ চনৰ জুনত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত পুৰুষ দলৰ প্ৰশিক্ষক পদৰ পৰা অনিল কুম্বলেৰ পদত্যাগ কৰিছিল। কুম্বলে উপযুক্ত খেলুৱৈসকলৰ বাবে থিয় নোহোৱা আৰু ড্ৰেছিং ৰুমত কঠিন পৰিৱেশ সৃষ্টি কৰাৰ বাবে কুম্বলেৰ সৈতে সুখী নাছিল।চেট্টীয়ে লগতে লিখিছিল, "এয়া স্পষ্ট আছিল যে কিছুমান লোকে অনিলক প্ৰশিক্ষক হিচাপে অব্যাহত ৰখাটো বিচৰা নাছিল।
অধিনায়ক আৰু প্ৰশিক্ষক একে স্থিতিত থকা যেন নালাগিছিল আৰু এনে লাগিছিল যে অধিনায়ক জনৰ এই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰৰ হাত আছিল।মই পিছত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত হোৱা এখন বৈঠকৰ বিষয়ে জানিব পাৰিলোঁ। যিখন বৈঠকত বিৰাট, অনিল, জোহৰী, অমিতাভ চৌধুৰী আৰু ড০ শ্ৰীধৰে অংশগ্ৰহণ কৰিছিল।উক্ত মিটিঙত বিৰাট অনিলক লৈ সুখী নাছিল। সেইবাবেই হয়তো ২০১৭ চনত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একপক্ষীয় পৰাজয়ৰ পিছত কুম্বলেই পদত্যাগ কৰিছিল।"
Comments