গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ অক্ষয় কুমাৰৰ এটা টুইট শেহতীয়াকৈ আলোচনাৰ বিষয় হৈ পৰিছে। তেওঁ টাইগাৰ শ্ৰফক এটা প্ৰত্যাহ্বান দিছে। অক্ষয় কুমাৰৰ এই টুইটটোত টাইগাৰক উদ্দেশ্য কৰি লিখিছে যে, "তোমাৰ জন্মৰ বছৰতে মই চিনেমা জগতত আত্মপ্ৰকাশ কৰিছোঁ। তুমি মোৰ লগত প্ৰতিযোগিতা কৰিবা নেকি, সৰু মিয়া?"
দৰাচলতে, বলীউডৰ খিলাড়ী হিচাপে খ্যাত অক্ষয় কুমাৰে সোনকালেই বলীউডৰ একচন হিৰো টাইগাৰ শ্ৰফৰ সৈতে চিনেমাত অভিনয় কৰিব। দুয়োকে 'বড়ে মিয়াঁ চোটে মিয়াঁ' বোলছবিখনৰ নিৰ্মাণত দেখা যাব। সেই উদ্দেশ্যে অক্ষয়ে টাইগাৰক ধেমেলীয়া সুৰত টুইট কৰিছে।
আনহাতে, এই চিনেমাখন অমিতাভ বচ্চন আৰু গোবিন্দ অভিনীত ছবি বডে মিয়াঁ চোটে মিয়াঁৰ দ্বিতীয়াংশ হ'ব, যি খন ২৪ বছৰ আগতে ১৯৯৮ চনত মুক্তি পাইছে। চিনেমাখন অহা বছৰ খ্ৰীষ্টমাছ উপলক্ষে মুক্তি পাব পাৰে। নিৰ্মাতাসকলে দাবী কৰে যে এইখন আটাইতকৈ ডাঙৰ একচন মনোৰঞ্জন চিনেমা হ'ব।"
ইপিনে, প্ৰথমবাৰৰ বাবে হ'ব যে অক্ষয় আৰু টাইগাৰক একেলগে চিনেমাত অভিনয় কৰা দেখি অনুৰাগীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে।
Comments