Classifieds
View All
গুৱাহাটী,৯ ফেব্ৰুৱাৰী:দক্ষিণৰ ছবি “পুষ্পাঃদ্য ৰাইজ” এ সমগ্ৰ ভাৰততে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ব্লকবাষ্টাৰ হিচাপে ঘোষণা কৰা এই ছবিখনে ইতিমধ্যে ১০০ কোটি টকাৰ (হিন্দী সংস্কৰণ) উপাৰ্জন কৰি সকলো অভিলেখ ভংগ কৰিছে আৰু ২০২১ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত এখন হৈ পৰিছে।
আল্লু অৰ্জুনৰ ছবিখনৰ এই সফলতাৰ পিছত বি-টাউন অভিনেত্ৰী আলিয়া ভাটে অভিনেতা গৰাকীৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কয় যে, “পুষ্পা” ছবিখন উপভোগ কৰাৰ পিছত তেওঁৰ পৰিয়ালটো অভিনেতা গৰাকীৰ অনুৰাগী হৈ পৰিছে আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই তেওঁক আল্লু অৰ্জুনৰ সৈতে কাম কৰিবলৈ কৈছে। অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোক ঘৰত যিহেতু সকলোৱে “আলু” বুলি মাতে, গতিকে মোক সকলোৱে এইটোৱে প্ৰশ্ন কৰিছে যে “আলুৱে কেতিয়া আল্লুৰ সৈতে কাম কৰিব?”
Comments