গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ এগৰাকী কণমানি ২ বছৰীয়া ছোৱালীয়ে ঘৰৰ পৰা ওলাই আহি বাহিৰত থোৱা বিস্কুট খাই কিছু সময়ৰ পিছতে উশাহ বন্ধ হৈ মাটিত ধলি পৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়, য'ত জানিব পৰা গ'ল যে বিস্কুটবোৰত বিহ মিহলি হৈ আছে।
৩ ফেব্ৰুৱাৰীত প্ৰকাশিত বাতৰি অনুসৰি মেক্সিকোৰ জালিস্কোৰ টোটোটলানত (Tototlán)ৰ দুবছৰীয়া হেইডি ভেলেৰিয়াৰ মৃত্যু হয়। কুকুৰৰ বাবে থৈ দিয়া বিষাক্ত বিস্কুট খাই কনমানিজনিৰ মৃত্যু হয়।
ইপিনে, টোটোটলান পৰিষদৰ মহাসচিব এপিগমানিঅ' কেৰিলোৱে উক্ত বিষয় সন্দৰ্ভত কৈছে যে, "এই বিষয়টো এতিয়াও নিশ্চিতকৰণ কৰা হোৱা নাই। মই এই অভিযোগটো নিশ্চিত কৰিব নোৱাৰিলোঁ আৰু এই তথ্যবোৰ উপস্থাপন হোৱাৰ লগে লগে বিষয়াসকলে ইয়াৰ বিষয়ে কথা পাতিব।"
অৱশ্যে, কেৰিলোৱে কৈছে যে, "আন এটা স্থানীয় শিশু, যি ৬ বছৰ বয়সৰ বুলি জানিব পৰা গৈছে, এক অজ্ঞাত পদাৰ্থৰ নিচাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে, এতিয়াও এইটো স্পষ্ট নহয় যে নাবালক গৰাকীৰ অৱস্থা মৃত ছোৱালীজনীৰ সৈতে সম্পৰ্কিত হয় নে নহয়।"
ইপিনে, এক্টিভিষ্ট আৰু প্ৰভাৱশালী ব্যক্তি আৰ্তুৰো ইছলাছ আলেন্দে কৈছে যে, "আমি ভেলেৰিয়াক হেৰুৱাইছো, আমি এজনী দুবছৰীয়া ছোৱালী হেৰুৱাইছো, কিয়নো কিছুমান অসাধু লোকে জালিস্কোৰ টোটোটলানত বিষাক্ত বিস্কুট কুকুৰক খাবলৈ দলিয়াই দিয়ে। সেই লোকসকল কাৰাগাৰত থাকিব লাগে।"
Comments