গুৱাহাটী,১০ ফেব্ৰুৱাৰী:সমাগত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী চৰণজিৎ সিং চান্নীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কঠোৰ সমালোচনা কৰে।তেওঁ কয়,"অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰে বা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেও পুতলাৰ দৰে অইনৰ দ্বাৰা পঞ্জাৱত শাসন কৰিব বিচাৰে। কিন্তু তেওঁৰ এই দাবী কেতিয়াও পূৰণ নহ'ব। তেওঁ প্ৰথমে 'আব কি বাৰ কেজৰিৱাল' নামৰ এটা অভিযানত ২০০-৪০০ কোটি টকা খৰচ কৰিছিল। যেতিয়া মানুহে সেইটো গ্ৰহন কৰা নাছিল, তেওঁ ভগৱন্ত মানৰ নাম যোগ দি কৈছিল 'আব কি বাৰ কেজৰিৱাল আৰু ভগৱন্ত মান।কিন্তু তেওঁৰ নাম এতিয়াও সন্মুখত আছে। যাৰ অৰ্থ হৈছে তেওঁ হয় মুখ্যমন্ত্ৰী হ'ব বিচাৰে বা ৰিম'ট কণ্ট্ৰ'লৰ জৰিয়তে পঞ্জাৱক চলাব বিচাৰে। আমি পাঞ্জাৱীসকলে তেওঁক কিয় গ্ৰহণ কৰিম?"
চৰণজিৎ চান্নীয়ে আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানক সমালোচনা কৰি কয়,"তেওঁৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'বলৈ ৩ বছৰ সময় লৈছিল। মোৰ এম.এ. আছে আৰু মই পি.এইচ.ডি. কৰি আছো।সুৰাপান ত্যাগ কৰাৰ তেওঁৰ প্ৰতিজ্ঞা সকলো মিছা প্ৰমাণিত হৈছে।কোনোবা দিনা আবেলি ৪ বজাৰ পিছত তেওঁক ফোন কৰক।গম পাব সত্য কথা।"
Comments