Cartoon
View Older
গুৱাহাটী,১০ ফেব্ৰুৱাৰী:নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ শাস্তিমূলক বদলি কৰা হৈছে।আজি বদলি হোৱাৰ সময়ত নগাঁওৰ ৰাইজক ধন্যবাদ জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে।
আনন্দ মিশ্ৰই লগতে সংবাদ মাধ্যমৰ কৰ্মী সকলোকো ধন্যবাদ জনায়।তেওঁ কয়,"সকলোকে ধন্যবাদ জনালোঁ।ভালে থাকিব,আপোনালোকৰ যথেষ্ট সহায় আৰু সহযোগ লাভ কৰিলোঁ।মই বহুত মিছ কৰিম।"
ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য দি কয়,"আৰক্ষী নিৰিহ লোকৰ সৈতে থাকিব লাগে।আনন্দ মিশ্ৰৰ ওপৰত কোনো অভিযোগ নাই। অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে আমি সাধাৰণ নাগৰিকৰ প্ৰতি কঠোৰ হ'লে নিমিলিব।আমাৰ গোটেই কাম বোৰ অথলে যাব আমি এই গোটেই কামবোৰ কৰি আছোঁ যাতে সাধাৰণ মানুহক ৰক্ষণা বেক্ষণ দিওঁ।"
Comments