গুৱাহাটী,১১ ফেব্ৰুৱাৰী:নগাঁৱৰ অপৰাধ জগতৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছতেই আনন্দ মিশ্ৰৰ প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই । নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই ড্ৰাগছ, জুৱা, ডকাইতকে ধৰি সকলো প্ৰকাৰৰ অপৰাধৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰি নগাঁৱৰ সচেতন মহলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ বিপৰীতে অপৰাধ জগতৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।
কিন্তু ইয়াৰ মাজতে এক অনাকাংক্ষিত এনকাউণ্টাৰ বিতৰ্কত সাঙোৰ খোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বুধবাৰে সন্ধিয়া বদলিৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে । চৰকাৰে জাৰি কৰা বদলিৰ নিৰ্দেশ মৰ্মেই বৃহস্পতিবাৰে পুৱাই নগাঁওবাসীক ধন্যবাদ জনাই নগাঁৱৰ পৰা বিদায় লয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। ইয়াৰ পিছতেই আৰক্ষী অধীক্ষকগৰাকীৰ বদলিৰ লগে লগেই দুৰ্বৃত্তই সংঘটিত কৰিলে এক জঘন্য কাণ্ড । নগাঁৱক অপৰাধমুক্ত কৰাৰ লক্ষ্যৰে দিনে নিশাই অভিযান চলাই বহুকেইটা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই ।
Comments