গুৱাহাটী,১২ মে':এমাজন প্ৰাইম ভিডিঅ’ৰ কমেডি ড্ৰামা ৱেব চিৰিজ “পঞ্চায়ত চিজন-২” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। অহা ২০ মে’ত মুক্তি দিয়া হ'ব ইয়াৰ বহু প্ৰত্যাশিত দ্বিতীয় চিজনৰ। চিৰিজখনৰ মুক্তিৰ তাৰিখ ঘোষণা হোৱাৰ পিছতেই উৎসাহিত হৈ পৰিছে অনুৰাগী সকল। উল্লেখযোগ্য যে,উক্ত চিৰিজখনৰ প্ৰথমটো সংস্কৰণে ভাৰতত খলকনিৰ সৃষ্টি কৰিছিল।
পঞ্চায়তৰ প্ৰথম ছিজন ২০২০ চনত মুক্তি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা মানুহে ইয়াৰ পৰৱৰ্তী ছিজনৰ বাবে অপেক্ষা কৰি আছিল। “পঞ্চায়ত” ৱেব ছিৰিজৰ কাহিনীটো এজন অভিযান্ত্ৰিক স্নাতক যুৱক অভিষেক মিশ্ৰাৰ ওপৰত নিৰ্মিত,যি ফুলেৰা গাঁৱৰ এটা পঞ্চায়ত কাৰ্যালয়ৰ সচিব হিচাপে কাম কৰে আৰু তেওঁ মনৰ শান্তি নোপোৱাৰ বাবে চাকৰিটো এৰি দিবলৈ মনস্থ কৰে। এনেদৰেই পৰ্যায়ক্ৰমে কাহিনীভাগৰ আৰম্ভণি হৈছিল আৰু এটা সময়ত আধৰুৱা হৈ পৰিছিল। সুখৰ কথা যে এইখন ৱেব চিৰিজৰ সৈতে যুক্ত হৈ আছে অসম সন্তান অনুৰাগ শইকীয়া। অনুৰাগ শইকীয়াৰ সংগীত ব্যৱস্থাপনাত নিৰ্মিত পঞ্চায়ত চিজন-২ক লৈ অসমৰ জনসাধাৰনো যথেষ্ট আগ্ৰহী হৈ আছে।প্ৰথম সংস্কৰণত শংকুৰাজ কোঁৱৰেও নিজৰ কণ্ঠ নিগৰাইছিল।
Comments