গুৱাহাটী,১২ মে':বেষ্টচেলাৰ 'ডাৰ্ক হৰ্ছ'ৰ লেখক, কবি,গায়ক আৰু সাহিত্য একাডেমী যুৱ বঁটা প্ৰাপক নীলোৎপল মৃনালৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে বিবাহৰ অজুহাতত ১০ বছৰ ধৰি তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ তিমাৰপুৰ আৰক্ষী থানাতো এটা গোচৰ ৰুজু কৰা হৈছে।
ঝাৰখণ্ডৰ বাসিন্দা নীলোৎপলৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এগৰাকী ৩২ বছৰীয়া যুৱতীয়ে এই অভিযুক্ত উত্থাপন কৰিছিল।বিষয়টো সন্মুখলৈ অহাৰ পিছত নীলোৎপল সম্প্রতি সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰিছে। অৱশ্যে তেওঁ এতিয়ালৈকে এই অভিযোগ সন্দৰ্ভত কোনো বিবৃতি প্ৰদান কৰা নাই। তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আছিল,কিন্তু এই মুহূৰ্তত তেওঁৰ ফেচবুক প্ৰ'ফাইল নিষ্ক্ৰিয় কৰি থোৱা আছে।
নীলোৎপলে নিজকে এজন লেখক, কবি, কলিউমনিষ্ট, ব্লগাৰ,ৰাজনৈতিক কৰ্মী হিচাপে বৰ্ণনা কৰে। ১৯৮৪ চনৰ ২৫ ডিচেম্বৰত অবিভক্ত বিহাৰত তেওঁৰ জন্ম হৈছিল।নীলোৎপল মৃনালৰ দুখন উপন্যাস - 'ডাৰ্ক হৰ্ছ' আৰু 'ঔঘাদ' অতি জনপ্ৰিয়। হিন্দীৰ এই দুয়োখন উপন্যাস বিগত কেইবা দশকত সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
Comments