গুৱাহাটী,১২ মে':ভাৰত এৰি বিদেশলৈ যোৱাৰ অনুমতি নাই অভিনেত্রী জেকলিন ফার্নান্ডেজৰ। ২০০ কোটি টকা আত্মসাৎ কৰাৰ গোচৰত মূল অভিযুক্ত সুকেশ চন্দ্রশেখৰৰ সৈতে জেকলিনৰ সম্পর্কৰ কথা প্রকাশ হোৱাৰ পিছতেই একাধিকবাৰ 'ইডি'ৰ জেৰাৰ সন্মুখীন হ’বলগা হৈছে অভিনেত্রীগৰাকী।
এই গোচৰ এতিয়াও শেষ হোৱা নাই। তদন্ত চলাই আছে ইডিয়ে। এই পৰিস্থিতিত দেশ এৰাৰ অনুমতি নাই তেওঁৰ। এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্র অনুসৰি ভাৰতৰ বাহিৰত ১৫ দিন থকাৰ বাবে দিল্লী আদালতত আবেদন জনাইছে জেকলিনে। কৰ'না পৰিবেশত দুই বছৰ পিছত আইফা এৱার্ড অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে। চলিত বছৰত সেয়া অনুষ্ঠিত হ’ব আবু ধাবিত।উক্ত অনুষ্ঠানলৈ আমন্ত্রিত জেকলিনো। সম্ভৱতঃ তাত অংশগ্ৰহণ কৰাও দেখা যাব তেওঁক। অনুষ্ঠানত যোগ দিবলৈয়েই আদালতৰ পৰা অনুমতি বিচাৰিছে তেওঁ। তাৰ উপৰি ফ্রান্স আৰু নেপাললৈ যোৱাৰ কথাও আছে জেকলিনৰ।
Comments