গুৱাহাটী,১২ মে':কোনো ব্যক্তিয়ে বছৰত নিজৰ সকলো একাউন্ট মিলাই যদি ২০ লাখ টকা জমা কৰিব বিচাৰে তেন্তে পান কাৰ্ড থকাটো বাধ্যতামূলক। একেদৰে টকা উলিওৱাৰ ক্ষেত্রতো লাগিব পান কাৰ্ডৰ উল্লেখ। চলিত মাহৰ পৰাই এই নতুন নিয়ম কার্যকৰী হোৱা বুলি সকলো বেঙ্কলৈ নির্দেশ পঠাইছে চেণ্ট্ৰেল বোর্ড অব ডিৰেক্ট টেক্সেছ (চিবিডিটি)-এ।নগদ লেনদেনত লেকাম লগাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্রীয় বিত্ত মন্ত্ৰণালয়ে।এইবাৰ নগদ টকা জমা বা উলিওৱাৰ ক্ষেত্রত আৰু কঠোৰ কৰিবলৈয়েই আয়কৰ আইনত এনে পৰিবৰ্তন অনা হৈছে।
বিভিন্ন বেঙ্কলৈ যোৱা নির্দেশ অনুযায়ী এই নিয়ম কার্যকৰী হ’ব অহা ২৬ মে’ৰ পৰা। বৰ্তমান কোনো বেঙ্ক একাউন্টত দুই লাখ টকা বা তাৰ বেছি জমা কৰিবলৈ হ’লে পান কাৰ্ড বাধ্যতামূলক হৈ আছে। একেই নিয়ম টকা উলিওৱাৰ ক্ষেত্রতো প্ৰযোজ্য আছিল।দুই লাখ টকাৰ কম পৰিমাণৰ লেনদেনৰ ক্ষেত্রত এনে নিয়মৰ কঠোৰতা নাই।
ইয়াৰ ফলত বহুতেই কম পৰিমাণত টকা বাৰে বাৰে লেনদেন কৰে। কিন্তু এইবাৰ যি নিয়ম প্ৰৱৰ্তন হৈছে তাত সমগ্র বছৰত মুঠ ২০ লাখ টকা পেন অবিহনে উলিয়াব বা জমা কৰিব দিয়া হ’ব। কেৱল সেয়াই নহয়, এজন ব্যক্তি বা কোম্পানীৰ নামত একাধিক একাউন্ট থাকিলে তাতো প্ৰযোজ্য হ’ব।চোৱা হ’ব, সকলো একাউন্ট মিলাই মুঠ জমা বা উলিওৱা টকাৰ পৰিমাণ।এই ক্ষেত্রত কেৱল ৰাষ্ট্ৰীয়কৃতই নহয়, ব্যক্তিগত আৰু সমবায় বেঙ্ককো আওতালৈ অনা হ'ব। ডাকঘৰৰ ক্ষেত্রতো এই নিয়ম কার্যকৰী হ’ব।
Comments