গুৱাহাটী, ১৩ মেঃ যদিও বিশ্বত ক'ৰনা মহামাৰী অহাৰ দুবছৰৰো অধিক সময় হ'ল, উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে দেশখনত ক'ৰনা সংক্ৰমণৰ প্ৰথমজন ৰোগী বিচাৰি পোৱা বুলি দাবী কৰিছে।
বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াই আনুষ্ঠানিকভাৱে দেশখনত ক'ভিডত আক্রান্ত হোৱাৰ কথা নিশ্চিত কৰে। ইয়াৰ পিছতে দেশখনৰ শাসক কিম জং-উনে সমগ্ৰ উত্তৰ কোৰিয়া অঞ্চলত লকডাউন জাৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি পিয়ংইয়ংত অ'মিক্ৰন প্ৰকাৰত আক্রান্ত এজন লোক ধৰা পৰিছে।
ইপিনে, দেশৰ জৰুৰীকালীন সঁহাৰি ফ্ৰণ্টে কয় যে, "এইটো দেশৰ এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ জৰুৰী কালীন ঘটনা, যাৰ পিছত জনসাধাৰণক বচাবলৈ কিছু কঠোৰ সিদ্ধান্ত লোৱা হৈছে। সংস্থাটোৰ মতে, ২০২০ চনৰ ফেব্ৰুৱাৰীত ক'ৰনা মহামাৰী আৰম্ভ হোৱাৰ পৰা যোৱা দুবছৰ আৰু তিনি মাহ ধৰি কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তত স্বত্ত্বেও, ক'ভিড এই দেশখনত ধৰা পৰিছে।
এক প্ৰতিবেদনত কোৱা হৈছে যে, পিয়ংইয়ংৰ লোকসকলে ক'ৰনা ভাইৰাছৰ অ'মিক্ৰন প্ৰকাৰৰ সন্মুখীন হৈছে। দেশত চলি থকা ক'ৰনা পৰীক্ষাৰ সময়ত, সংক্ৰমিত লোকৰ নমুনা ৮ মে'ত লোৱা হৈছে। আক্রান্ত লোকজন নিশ্চিত হোৱাৰ পিছত, ক'ৰনা ভাইৰাছ বিয়পা প্ৰতিহত কৰিবলৈ দেশৰ সকলো চহৰ আৰু গ্ৰাম্য অঞ্চলত কঠোৰ লকডাউন জাৰি কৰা হৈছে। দেশত জৰুৰীকালীন চিকিৎসা সামগ্ৰী শক্তিশালী কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কিম জং উনে তেওঁৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক'ৰনা ভাইৰাছৰ প্ৰথম প্ৰাদুৰ্ভাৱৰ মোকাবিলা কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ পিছত এই সিদ্ধান্ত লৈছে যাতে দেশৰ লোকসকলক সুৰক্ষিত কৰিব পৰা যায়।
Comments