গুৱাহাটী, ১৩ মেঃ চৌদি আৰৱৰ মালিকানাধীন তেল কোম্পানী আৰামকো এতিয়া বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হৈ পৰিছে। ই এপল'ক অতিক্রম কৰি প্ৰথম স্থানত উপনীত হ'বলৈ সক্ষম হৈছে।
আগতে এপলক পৃথিৱীৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে জনা গৈছিল কিন্তু চৌদি আৰামকোৱে অৱশেষত এপল'ৰ পৰা এই খিতাপটো কাঢ়ি ল'বলৈ সক্ষম হৈছে।
ইয়াৰ কাৰণ স্বৰূপে দীৰ্ঘদিন ধৰি, বিশ্বত তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে, তেল খণ্ডৰ শ্বেয়াৰ যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰযুক্তি উদ্যোগৰ শ্বেয়াৰ হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰত্যক্ষ লাভালাভ হৈছে চৌদি অইল কোম্পানীসমূহৰ। ইয়াৰ ভিতৰত আৰামকোৱে সহজে সফলতাৰ মুকুট পাবলৈ সক্ষম হৈছে।
চৌদি আৰৱৰ চৰকাৰী মালিকানাধীন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ কোম্পানী আৰামকো বিশ্বৰ সৰ্ববৃহৎ তেল উৎপাদক হিচাপে গণ্য কৰা হয়। কিন্তু এতিয়ালৈকে আটাইতকৈ মূল্যৱান কোম্পানী হোৱাৰ উপাধি পোৱা নাছিল। বুধবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত চৌদি আৰামকোৰ বজাৰ মূল্য ২.৪২৬ ট্ৰিলিয়ন ডলাৰত উপনীত হৈছে, আনহাতে শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱাৰ বাবে এপল'ৰ বজাৰ মূল্য ২.৪১৫ ট্ৰিলিয়ন ডলাৰলৈ নিম্নগামী হৈছে।
যোৱা মাহৰ ব্যৱসায়িক তথ্য অনুসৰি, চৌদি কোম্পানীয়ে দ্ৰুত গতিত অগ্ৰগতি লাভ কৰিছে, আনহাতে যোৱা এমাহত এপলৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। এপল ১৯৭৬ চনত কেলিফৰ্ণিয়াৰ এটা গেৰেজত প্ৰতিষ্ঠা কৰা হয়। আনহাতে চৌদি আৰামকো চৌদি চৰকাৰৰ দ্বাৰা পৰিচালিত এটা গোট। এনে পৰিস্থিতিত, বহুতো বজাৰ বিশ্লেষকৰ দুয়োটা কোম্পানীৰ তুলনা আৰু মূল্যাঙ্কনৰ ওপৰত কোনো মতামত নাই।
আগতে চৌদি চৰকাৰৰ ৯৬ শতাংশ নিয়ন্ত্ৰণ আছিল। পিছলৈ ২০১৯ চনত, কোম্পানীটোৱে বজাৰৰ পৰা অভিলেখ ২৫.৬ বিলিয়ন ডলাৰ সংগ্ৰহ কৰে। ৰিয়াধ ষ্টক এক্সচেঞ্জত ব্যৱসায় কৰা চৌদি আৰামকোৰ শ্বেয়াৰ এই বছৰৰ আৰম্ভণিৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি হৈ ৪৬ ৰিয়েল বা ১২.২৬ ডলাৰৰ নতুন মাত্ৰাত উপনীত হৈছে।
Comments