গুৱাহাটী, ১৩ মেঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বৃহস্পতিবাৰে ৰাজ্যখনৰ চাইবাছাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ নেতা তথা বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে সকাহ দিছে।
ন্যায়াধীশ সঞ্জয় দ্বিবেদীয়ে ৰাহুল গান্ধীৰ দ্বাৰা দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত তেওঁৰ বিৰুদ্ধে যিকোনো ধৰণৰ বলপূৰ্বক ব্যৱস্থা গ্ৰহণৰ ওপৰত স্থগিতাদেশ দিছে বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰিও, আদালতে বিষয়টোত নিম্ন আদালতৰ কাৰ্যক্ৰমস্থগিত ৰাখিছিল আৰু আবেদনকাৰীক জাননী জাৰি কৰিছিল।
ইফালে, ঝাৰখণ্ড চৰকাৰকো উচ্চ ন্যায়ালয়ে বিষয়টোৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে আদালতে বিষয়টোৰ শুনানি ২৬ ছেপ্টেম্বৰলৈ স্থগিত ৰাখিছে।
মন কৰিকৰিব লগীয়া যে ২০১৯ চনত ৰাহুল গান্ধীয়ে কৈছে যে, "এজন হত্যাকাৰী বিজেপিৰ সভাপতি হ'ব পাৰে কিন্তু কংগ্ৰেছত এনে হ'ব নোৱাৰে।"
Comments