গুৱাহাটী,১৩ মে':ফিনলেণ্ড আৰু চুইডেনে যদি নাটোলৈ আবেদন কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউছে ইয়াক সমৰ্থন কৰিব। আমেৰিকাৰ ’থিংক টেংক ইনষ্টিটিউট ফৰ ষ্টাডি অৱ ৱাৰ’ এ কৈছিল যে ৰাছিয়ান বাহিনীয়ে সম্ভৱতঃ ইউক্রেইনৰ ৰুবিঝেন প্ৰদেশৰ সকলোবোৰ দিশ নিয়ন্ত্ৰণ কৰি আছে আৰু অনাগত দিনবোৰত চেভেৰোডণ্টেছৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিব। এই সকলোবোৰ দিশ পৰিদৰ্শন কৰি শীঘ্ৰে ফিনলেণ্ড আৰু চুইডেন নাটোত যুক্ত হ'ব লাগে।
ইফালে ৰোমানিয়াৰ সৈতে ইউক্ৰেইনৰ সাগৰীয় সীমাৰ ওচৰত থকা স্নেক আইলেণ্ডৰ ওচৰত ৰাছিয়াৰ জেট অৱতৰণৰ লগতে সম্ভাৱ্য মিছাইল আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে।ইউক্ৰেনে লগতে কৈছিল যে ৰাছিয়াৰ নৌসেনাৰ লজিষ্টিক জাহাজ ভিচেভোলোড বব্ৰভক স্নেক আইলেণ্ডৰ ওচৰত এই কাৰ্য সিদ্ধিৰ বাবে অহাৰ পথত বাধা দিয়া হৈছিল।
খবৰ অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে পুটিনৰ সৈতে আলোচনাৰ বাবে সাজু কিন্তু ইউক্ৰেনে বিচাৰিছে পূৰ্বৰ ক্ৰিমিয়াক।ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে পূৰ্বতে তেওঁলোকৰ নিয়ন্ত্ৰনাধীন ইউক্ৰেইনৰ কিছু অংশত ৰাছিয়াৰ সৈন্যৰ দ্বাৰা সংঘটিত অধিকাৰ উলংঘনৰ অভিযোগৰ তদন্তৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰিছে।ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ মতে ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ৬ মিলিয়নতকৈও অধিক শৰণাৰ্থীয়ে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে।
Comments