গুৱাহাটী,১১ মে':২০১৪ চনৰ হিট ছবি ‘এক ভিলিয়েন’ৰ চিকুৱেলৰ 'এক ভিলিয়েন ৰিটাৰ্ণছ’ৰ বহু প্ৰতীক্ষিত মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। চলচ্চিত্ৰখন ৮ জুলাইৰ পৰিৱৰ্তে ২৯ জুলাইত ছবিগৃহত মুক্তি পাব।চলচ্চিত্ৰ নিৰ্মাতা মোহিত চুৰীয়ে মঙলবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত এই আপডেটটো শ্বেয়াৰ কৰিছিল।
মোহিত চুৰীয়ে আগতে এক বিবৃতিত কৈছিল যে,'এক ভিলেন’ মোৰ আবেগৰ প্ৰকল্প আছিল। মই এতিয়াও ‘এক ভিলেন’ৰ বাবে যি ধৰণৰ মৰম পাওঁ সেইটোৱে মোক অভিভূত কৰে। মই নিশ্চিত যে ‘এক ভিলেন ৰিটাৰ্ণছ’ৰ জৰিয়তে এই মৰম আৰু পাম।যদিও মই ছবিখনৰ বিষয়ে বেছি প্ৰকাশ কৰিব নোৱাৰো, মই নিশ্চিত কৰিব পাৰোঁ যে ই এক ৰোমাঞ্চকৰ ৰোলাৰকোষ্টাৰ ৰাইড হ’ব।" এই চলচ্চিত্ৰখনত জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানি আৰু তাৰা সুতাৰিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।মোহিত চুৰীয়ে ‘হাফ গাৰ্লফ্ৰেণ্ড’, ‘আশিকী ২’, ‘মাৰ্ডাৰ ২’, ‘জেহেৰ’ আৰু ‘কাল্যুগ’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছে।
Comments