গুৱাহাটী,১১ মে':চুবুৰীয়া চীনে এতিয়া নতুনকৈ জনসংখ্যা বৃদ্ধি কৰিবলৈ লৈছে উদ্যোগ।কেৱল চৰকাৰী উদ্যোগ নহয়,বিভিন্ন বেচৰকাৰী সংস্থাইও দেশত নৱজাতকৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে। আৰু তাৰ বাবে কৰ্মচাৰীসকলক উৎসাহিত কৰিবলৈ নতুন অফাৰ আৰম্ভ কৰা হৈছে।ইয়াৰ মাজতে,লোভনীয় অফাৰ লৈ আহিছে চীনা কোম্পানী বেইজিং ডাবিনাং টেকন’লজী গ্ৰুপে ।এটা ,দুটা বা তিনিটা সন্তান হ’লেই কৰ্মীসকলৰ কোম্পানীটোৱে আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে।
কেৱল নগদ ধনেই নহয়,লগতে পাব ছুটিও । আটাইতকৈ লোভনীয় পুৰস্কাৰটো তৃতীয় সন্তানৰ বাবে। এই ক্ষেত্ৰত, কোম্পানীটোৱে চীনা মুদ্ৰাত ৯০ হেজাৰ ইয়ান দিব। ভাৰতীয় মুদ্ৰাত যি হৈছে প্ৰায় ১১ লাখ ৫০ হেজাৰ টকা।ইয়াৰ বাহিৰেও, মহিলা কৰ্মচাৰীৰ বাবে এবছৰৰ সবেতন ছুটি আৰু পুৰুষ কৰ্মচাৰীৰ বাবে ন মাহ সবেতন চুটি পাব। চীনা সংবাদ মাধ্যমৰ মতে, প্ৰথম বা দ্বিতীয় সন্তানৰ বাবে নগদ পুৰস্কাৰৰ প্ৰস্তাৱও আছে। কিন্তু টকাৰ পৰিমাণ তাতকৈ কম।
Comments