গুৱাহাটী,১১ মে’:ৰাজ্যৰ ঔদ্যোগিক শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকন'লজিজ লিমিটেডৰ লগত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা টেকনলজিজ লিমিটেডৰ অধ্যক্ষ সুব্ৰমনিয়াম ৰামদোৰায়ৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।উল্লেখ্য যে যোৱা ৰাজ্যিক কেবিনেট বৈঠকত এই চুক্তি স্বাক্ষৰিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল।এই চুক্তিৰ জৰিয়তে অসম চৰকাৰে টাটা টেকন'লজিজ লিমিটেডৰ সহযোগত ৰাজ্যখনৰ ৩৪ টা পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ টা চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰাৰ সিদ্ধান্ত লয় ।
এই সমগ্ৰ প্ৰকল্পটোৰ ৰূপায়ন কৰাৰ বাবে টাটা টেকন'লজিজ লিমিটেডে ২,৩৯০ কোটি টকা ব্যয় কৰিব বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে ৰাজ্যখনৰ ৩৪ টা পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ টা চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ১২০০০ বৰ্গ ফুটৰ গৃহ নিৰ্মাণ কৰিব।
গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিবলগীয়া এই গৃহসমূহ টাটা টেকন'লজিজ লিমিটেডক ব্যৱহাৰৰ বাবে দিয়া হ'ব।টাটা টেকন'লজিজ লিমিটেডে এই গৃহবোৰ নিৰ্মাণ কৰাৰ বাবে নক্সা প্ৰস্তুত কৰিছে । অহা বছৰৰ ভিতৰত এই প্ৰকল্প মুকলি কৰা হ'ব।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই প্ৰকল্প দেশত প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ চৰকাৰে ৰূপায়ণ কৰিছে । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ পলিটেকনিক আৰু আই টি আইৰ শিক্ষাত ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব।
Comments