জগদদুৱাৰ,১৫ মে': - টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত এজাৰগুৰি মহিলা গাঁওৰক্ষী বাহিনীৰ সভানেত্ৰী আৰু সম্পাদিকাই সমিতিৰ অন্যান্য সদস্যা সকলৰ অজ্ঞাতে প্ৰায় ডেৰ লক্ষাধিক টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ পাছত সমিতিৰ অধিকাংশ সদস্যই গাঁওৰক্ষী বাহিনীৰ সভানেত্ৰী, সম্পাদিকাৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক গৰাকীৰ ওচৰত সমিতিৰ একাংশ সদস্যাই অভিযোগ দাখিল কৰিছিল। টীয়কৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক গৰাকীয়ে এই কেলেংকাৰী গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে। গাওঁৰক্ষী বাহিনীৰ সভানেত্ৰী সম্পাদিকাৰ বিৰুদ্ধে
কোন ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে ।
উল্লেখযোগ্য যে টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩১ খন গাঁওৰক্ষী বাহিনীৰ ভিতৰত ২০১৭ চনত স্থাপন হোৱা এজাৰগুৰি মহিলা গাঁওৰক্ষী বাহিনীখনে উক্ত চনৰ ৭ এপ্ৰিল তাৰিখে ভাৰতীয় ষ্টেট বেংক, টীয়ক শাখাত সভানেত্ৰী অঞ্জুমণি বৰা আৰু সম্পাদিকা দিপ্তী হাজৰিকাৰ যুটীয়া স্বাক্ষৰত এটা একাউণ্ট খোলে। প্ৰায় ৩৫ জনীয়া সদস্য/ সদস্যাৰে গঠিত শক্তিশালী গাঁওৰক্ষী বাহিনীখনৰ পৰা উপকৃত হ'ব বুলি গাঁওবাসী আশা কৰিছিল যদিও প্ৰায় সংখ্যক সদস্যৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি গাঁওৰক্ষী বাহিনীখনৰ সভানেত্ৰী সম্পাদিকাই চৰকাৰে অন্যান্য গাঁওৰক্ষী বাহিনীৰ লগতে এজাৰগুৰিৰ এই সমিতিখনলৈ বিভিন্ন সময়ত প্ৰদান কৰা ধনৰ এক লাখ চাব্বিশ হাজাৰ চাৰিশ চাপন্ন টকা উদৰস্থ কৰিলে। আজি পুনৰ প্ৰতাৰিত হোৱা গাওঁৰক্ষী বাহিনীৰ সদস্যা সকলে স্থানীয় ৰাইজৰ লগতে গাঁও প্ৰধান , ৱাৰ্ড সদস্যৰ উপস্থিতিত এক এখন সভা আহ্বান কৰে। এই সভাতে ৰাইজে বৰ্তমানৰ গাঁওৰক্ষী বাহিনীখন ভংগ কৰাৰ বাবে উদ্ধৰ্তম কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা লগতে ২০১৭ চনৰ পৰা চৰকাৰী ধনৰ হিচাপ ৰজহুৱা সভাত দিৱলৈ প্ৰস্তাৱ গ্ৰহন কৰে।
Comments