বোকাখাত : ১৫ মে' : ৰাজ্যৰ ভিতৰত হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাত ৷ বিভিন্ন কাৰ্য পন্থাৰে এই সংঘাত নিয়ন্ত্ৰন কৰাৰ প্ৰচেষ্টা চলাই অহা গোলাঘাটৰ বন বিভাগে আজি দুটা বনৰীয়া হাতীক চেতনা নাশক প্ৰয়োগেৰে কৰায়ত্ব কৰি শৰীৰত উচ্চ ক্ষমতাৰ ৰেডিঅ' কলাৰ সংস্থাপিত কৰে ৷ ৰেডিঅ' কলাৰ সংস্থাপিত কৰাৰ পিচত হাতী দুটাক পুনৰ জাকৰ সৈতে মুকলি কৰি দিয়া হয় ৷
জিলাখনৰ বিভিন্ন প্ৰান্তত বিচৰণ কৰা হাতীৰ জাক সমুহৰ গতিবিধি নিয়ন্ত্ৰন কৰিবৰ বাবেই বন বিভাগে এই পৰীক্ষামুলক কাৰ্য ৰূপায়ণ কৰা বুলি জানিবলৈ দিয়ে ৷ আজি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাৰে গোলাঘাট জিলাৰ বন বিভাগে এটা বনৰীয়া মতা আৰু এজনী মাইকী হাতীৰ শৰীৰত উচ্চ ক্ষমতা সম্পন্ন ৰেডিঅ' কলাৰ সংস্থাপন কৰে ৷
বনবিভাগৰ মতে হাতী দুটা শৰীৰত সংস্থাপিত ৰেডিঅ' কলাৰৰ পৰা অহা বৈদ্যুতিক তৰঙ্গৰ সহায় হাতী দুটা থকা জাকটোৰ গতিবিধি আৰু উপস্থিতি নিৰীক্ষণ কৰিব পাৰিব বন বিভাগে ৷ ৰেডিঅ' কলাৰ সংস্থাপিনৰ এই পৰীক্ষামুলক কাৰ্যত সফল হলে আগলৈ হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰন কৰিবলৈ কিছু পৰিমানে সক্ষম হ'ব বন বিভাগ ৷
গোলাঘাট বন সংমণ্ডলৰ সহকাৰী বনসমৰক্ষক ঋতুপৱন বৰাৰ নেতৃত্বত বনকৰ্মী এটা দলে পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশুচিকিৎসক ডা৹ চামচুল আলীৰ সহায়ত চেতনানাশক প্ৰয়োগ কৰি আজি নুমলীগড়ত ৰেডিঅ' কলাৰ সংস্থাপিত কৰে হাতী দুটাৰ শৰীৰত ৷ ৰেডিঅ' কলাৰ লগোৱাৰ পিচত হাতীৰ জাকৰ লগত দুয়োটা হাতীকে এৰি দিয়া হয় আৰু হাতী দুটাৰ ৰেডিঅ' কলাৰৰ পৰা অহা ৰেডিঅ' তৰংগ নিৰীক্ষণৰ কাম আৰম্ভ কৰে গোলাঘাটৰ বন বিভাগে ৷
হাতী দুটাৰ শৰীৰত সংস্থাপিত ৰেডিঅ' কলাৰৰ পৰা অহা ৰেডিঅ' তৰঙ্গৰ সহায়ত হাতী দুটাৰ লগতে সিহঁতৰ জাকৰো উপস্থিতি আৰু গতিবিধি নিৰীক্ষণ কৰিব পৰা যাব বুলি জনায় গোলাঘাট বনবিভাগে ৷ ইয়াৰ দ্বাৰা হাতীৰ আগমনৰ আগতীয়া জাননী জনসাধাৰণক দি সজাগো কৰিব পৰা যাব বুলিও আশাবাদী গোলাঘাটৰ বন বিভাগ ৷
Comments