ছিডনী, ১৫ মে’ ঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্দ্ৰিউ ছাইমণ্ডছৰ দেশখনৰ টাউন্সভিলেত হোৱা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়৷ তেওঁৰ ৪৬ বছৰ হৈছিল৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই আজি পুৱা টুইটাৰযোগে এই কথা প্ৰকাশ কৰে৷
পুলিচে প্ৰকাশ কৰা অনুসৰি কালি নিশা ছাইমণ্ডছ দুৰ্ঘটনাত পতিত হয়৷ পুলিচে প্ৰকাশ কৰা অনুসৰি স্থানীয় সময়মতে কালি নিশা ১১ বজাত ছাইমণ্ডছে চলাই যোৱা তীব্ৰ বেগী গাড়ীখন হাৰ্ভে ৰেঞ্জ ৰ’ডত গৈ থকাৰ সময়ত এলিচ নদীৰ দলঙৰ সমীপত পথৰ পৰা বাগৰি পৰে৷ সেই সময়ত গাড়ীখনত তেওঁ অকলে আছিল৷
পুলিচে লগতে প্ৰকাশ কৰা গুৰুতৰৰূপে আহত হোৱা ছাইমণ্ডছক চিকিৎসালয়লৈ নিয়া হয় আৰn তেওঁক বচোৱাৰ বাবে চিকিৎসকসকলে চেষ্টা কৰে যদিও সফল নহ’ল৷ অলৰাউণ্ডাৰ ছাইমণ্ডছে চ্ছখন টেষ্টত দুটা চেঞ্চুৰীৰে ৰ,৪৬২ ৰান কৰাৰ উপৰি ২৪টা উইকেট দখল কৰিছিল৷
আনহাতে অষ্ট্ৰেলিয়াৰ হৈ খেলা ১৯৮খন টেষ্টত তেওঁ ৬টা চেঞ্চুৰীসহ প্ত,০৮জ্জ্ব ৰান কৰিছিল আৰু ১৩৩টা উইকেট দখল কৰিছিল৷ তেওঁ দুবাৰ বিশ্ব কাপ জয় কৰা অষ্ট্ৰেলিয়া দলৰ সদস্য আছিল৷
২০১১ চনত তেওঁক টেলিভিছনৰ শ্ব’ বিগ বছত দুসপ্তাহৰ বাবে বিশেষ অতিথিৰূপে দেখা পোৱা গৈছিল৷ ২০০৮ চনত ছাইমণ্ডছে এইবুলি অভিযোগ কৰিছিল যে তেওঁক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত টেষ্ট মেচখনত ভাৰতৰ অফ স্পীনাৰ হৰভজন সিঙে ‘মংকী’ [বান্দৰ] বুলি কোৱা বুলি অভিযোগ কৰিছিল৷
পাছত এই অভিযোগৰ শুনানি লোৱা হয় আৰু হৰভজন সিঙক ক্লীনশ্বিট দিয়া হয়৷ এই কাণ্ডক মংকীগেট বুলিও কোৱা হয়৷ ইফালে ছাইমণ্ডছৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে ক্ৰিকেট বিশ্ব৷ হৰভজন সিঙে এটা শোক বাৰ্তাত কয়, ছাইমণ্ডছৰ মৃত্যুৰ বাতৰি শুনি মই মৰ্মাহত হৈ পৰিছোঁ৷
আপুনি অতি সোনকালে আমাক এৰি থৈ গ’ল৷’ হৰভজনে তেওঁৰ পৰিয়াল আৰু আত্মীয়সকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে৷ শচীন টেণ্ডুলকাৰে কয় যে তেওঁ এজন ভাল অলৰাউণ্ডাৰ আছিল আৰু খেলপথাৰত যথেষ্ট সজীৱ আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে সকলোকে শোকস্তব্ধ কৰা বুলি টেণ্ডুলকাৰে কয়৷ প্ৰাক্তন বেটাৰ ভি ভি এছ লক্ষ্মণেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ আডম গীলক্ৰিষ্ট, জেছন গিলেস্পী, ডেমিয়েন ফ্লেমিং, মাইকেল বেভন আৰু প্ৰাক্তন অধিনায়ক মাৰ্ক টেইলৰকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷
Comments