লখিমপুৰ, ১৪ মে:-বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী ঐতিহাসিক ফাটবিহু কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়িয়া নৈৰ পাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত হৈছে।দুবছৰ বিৰতিৰ পিছত ন-উদ্যমেৰে আয়োজিত ফাটবিহুৰ উপলক্ষে মহঘূলি চাপৰিত বিৰাজ কৰিছে উদুলি মুদুলি পৰিৱেশে।
কালি ঐতিহ্যমণ্ডিত ফাটবিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পুৱা-১০ বজাত।অন্যহাতে ফাটবিহু উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল গোহাঁইয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই বিহু দলসমূহক ফাটবিহুৰ মূল তোৰণৰ পৰা আদৰণি অনা হয় মহঘূলি চাপৰিলৈ।ইয়াৰ পিছতেই ফাটবিহুৰ মঞ্চ মুকলি কৰে ঢকুৱাখনাৰ বিশিষ্ট নাগৰিক জগদীশ গগৈয়ে।মঞ্চ মুকলিৰ পিছতেই টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।
এই প্ৰতিযোগিতা উদ্ধোধন কৰে কণ্ঠশিল্পী কল্পনা সেনাপতি বৰুৱাই।আৰু ইয়াৰ পিছতেই চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়।উদ্ধোধন কৰে
ভাৰতীয় বায়ুসেনাৰ অভিযন্তা দুলাল দাসে।
আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা-৯.৩০ বজাত শুভাৰম্ভ কৰে শিক্ষাবিদ প্ৰবীন দত্তই কপৌফুল ৰোপনেৰে।ইয়াৰ পিছতেই গামোচা প্ৰতিযোগিতা আয়োজনৰ লগতে, বিহুদলসমূহক আদৰণি জনোৱা হয় ।দিনৰ ১২ বজাত সকলো জাতি জনগোষ্ঠীৰ পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্ধোধন কৰে বিহুৱা-ডাঃহেমন্ত গগৈয়ে।
ইয়াৰ পিছতেই বিয়লি ২ বজাত হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ-"বিহুৱান" উন্মোচন কৰে বুৰঞ্জীবিদ তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথে।ফাটবিহুৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব পুৱা-১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে।
এই শোভাযাত্ৰা উদ্ধোধন কৰিবহি অসমীয়া বোলছৱি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে।ইয়াৰ পিছতেই দুপৰীয়া ১২ বজাৰ পৰা ফাটবিহুৰ মুল আকৰ্ষণ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত গছতলৰ মুকলি বিহু অনুষ্ঠিত হ'ব।এই মুকলি বিহু উদ্ধোধন কৰিব জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিয়ে।ইফালে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব।
অসমীয়া বোলছৱি জগতৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্ধোধন কৰিব লগীয়া মুকলি সভাত ভাৰত চৰকাৰৰ পূৱ মাণ্ডলিক আৰু উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ'ৰ সঞ্চালক গোৰী বসু, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা,বিশিষ্ট বিহুৱা নিৰঞ্জন গোস্বামী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে,মিচিং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া,দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী মাধৱ দেউৰী,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন,যোৰহাটৰ উপায়ুক্ত অশোক বৰ্মনকে আদি কৰি বহু সংখ্যক বিশিষ্টলোকে অংশগ্ৰহণ কৰিব।ফাটবিহুৰ তিনিওটা দিনৰ কাৰ্যসুচীতে সকলো ৰাইজক জাতীয় সাজ পাৰ পৰিধান কৰি অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে উদযাপন সমিতিয়ে।
Comments