সোণাৰি, ১৪ মে' : কুৰিবছৰীয়া একমাত্ৰ ৰোগাক্ৰান্ত পুত্ৰক লৈ দিশহাৰা হৈ পৰিছে চৰাইদেউ জিলাৰ মথুৰাপুৰৰ এগৰাকী মাতৃ। মথুৰাপুৰৰ গেলগেলী অঞ্চলৰ এটা পৰিয়ালৰ এটি পাঁচ বছৰীয়া শিশু এদিন হঠাৎ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰাত পিতৃ মাতৃয়ে শিশুটিক চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰোৱাই যদিও ভুল চিকিৎসাৰ বলি হোৱাৰ ফলত লাহে লাহে ডাঙৰ হৈ অহা শিশুটোৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়।
এনেদৰে এতিয়া যুৱকহৈ পৰা তাহানিৰ শিশুটোৰ পিতৃৰ অবৰ্তমানত পুত্ৰক লৈ চিন্তিত হৈ পৰিছে মাতৃগৰাকী । পুত্ৰৰ চিকিৎসা কৰিবলৈ মাতৃ গৰাকীৰ হাতত নাই কোনো সম্বল। এতিয়া মাতৃ পুত্ৰই যিদৰে জীৱন নিৰ্বাহ কৰিছে সেয়া যি প্ৰত্যক্ষ কৰিব নিসন্দেহে তেওঁৰ চকু সেমেকি উঠিব। গেলগেলী অঞ্চলৰ মিনু ৰাজকোঁৱৰ নামৰ মাতৃ গৰাকীয়ে তেওঁৰ একমাত্ৰ পুত্ৰ গৌতম ৰাজকোঁৱৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ বাবে এতিয়া উপায়ন্তৰ হৈ মাতৃগৰাকীয়ে পুত্ৰৰ হাত-ভৰি বান্ধি থবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে।
একমাত্ৰ পুত্ৰৰ চিকিৎসা কৰিবলৈ মাতৃগৰাকীৰ হাতত বৰ্তমান নাই এটাও ফুটাকড়ি। পুত্ৰৰ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হ'ল মাতৃ গৰাকী। আৰ্থিকভাৱে দুৰ্বল হৈ পৰা মাতৃগৰাকীয়ে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীলৈ কাতৰে আহ্বান জনাইছে পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ।
এইক্ষেত্ৰত কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট 33076353759 একাউণ্ট নম্বৰ আই এফ এছ চি SBIN0009191 ত সহায়ৰ হাত আগবঢ়াব পাৰে
Comments