জগদদুৱাৰ ১৪ মে' : চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ইতিহাস বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত ৰঞ্জন শইকীয়া সোঁৱৰণি দ্বিতীয় স্মাৰক বক্তৃতা অনুষ্ঠানটি আজি মহাবিদ্যালয়ৰ পোনাৰাম গগৈ সভাকক্ষত অনুস্থিত কৰা হয়।অসমীয়া জাতি আৰু ইয়াৰ ঐতিহ্য শীৰ্ষক বিষয়ত অনুস্থিত এই বক্তৃতা অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক তথা অসমৰ অন্যতম বুদ্ধিজীৱী ড° চন্দন কুমাৰ শৰ্মা বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত আলোকপাত কৰি কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো অতি বৃহৎ।ঠিক সেইদৰে ইয়াৰ ঐতিহ্যও অপৰিসীম।
বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ফলশ্ৰুতিত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে আৰু সেয়ে ইয়াৰ ঐতিহ্য বহু সুকীয়া আৰু আকৰ্ষণীয়।ইপিনে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুস্থিত হোৱা তথা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° বিকাশ নাথে আঁতধৰা এই বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱা উপস্থিত থাকি আদৰণী ভাষণ আগবঢ়ায়।উক্ত বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয় কেইবাগৰাকীও প্ৰৱক্তা,কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানয সফল সমাপ্তি ঘটায়।
Comments