গুৱাহাটী,১৫ মে’: ‘মিছন অমৃত সৰোবৰ আঁচনি' ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় প্ৰদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক পর্যায়ৰ উন্নয়ন সমন্বয় আৰু তদাকৰী কমিটীৰ সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই কথা সদৰি কৰে ।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া অসম ভ্ৰমণত ৰাজ্যখনত মিছন অমৃত সৰোবৰ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি গৈছে আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিকদর্শনেৰে এই অভিলাষী প্ৰকল্প বাস্তৱায়িত কৰি তোলাৰ বাবে সক্ৰিয়তাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
তেওঁ লগতে কয় যে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ অধীনত ৰাজ্যখনত ৩০০৭ টা অমৃত সৰোবৰ গঢ়ি তোলা হ'ব আৰু ই প্ৰায় ৫০০০ হেক্টৰ মাটি কালি সামৰি ল'ব।উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দা হ’ব, য'ত বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা থাকিব । মন্ত্ৰীগৰাকীয়ে কয় যে এই অমৃত সৰোবৰ পুখুৰীয়ে আগন্তুক দিনত ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি সৱল কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
তেওঁ লগতে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ যুটীয়া প্ৰচেষ্টাৰে মিছন অমৃত সৰোবৰ কাৰ্যকৰী কৰি তোলা হ'ব ।সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হোৱা আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কাই সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, বিত্ত আয়োগৰ অনুদান, শ্যামা প্ৰসাদ মুখার্জী ৰুৰবান মিছন, ৰাজ্যৰ নিজা অগ্ৰাধিকাৰমূলক উন্নয়ন আঁচনি, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি আদিৰ কাম-কাজৰ বিষয়ে সভাত অৱগত কৰে ।
Comments