গুৱাহাটী,১৫ মে': কাইলৈ নেপাললৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰিব এই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেপালৰ লুম্বিনী পৰিদৰ্শন কৰিব।এই ভ্ৰমণৰ প্ৰাকক্ষণত শুকুৰবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে ভাৰতে সদায়ে দ্বিপাক্ষিক প্ৰণালীক বজাই ৰাখিবলৈ চেষ্টা কৰিছে।সীমান্ত বিবাদ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে নেপাল চৰকাৰৰ সৈতে কথা পাতিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সচিবগৰাকীয়ে কয় যে কোনো 'ৰাজনীতিকৰণ' অবিহনে বিষয়টো দায়িত্বশীলভাৱে আলোচনা কৰা উচিত । নেপালত অনুস্থিত হ'ব লগীয়া বৈঠকত জলবিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থাকে ধৰি একাধিক ক্ষেত্ৰত সহযোগিতা অধিক সম্প্ৰসাৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব । প্ৰধানমন্ত্ৰীৰ এই এদিনীয়া ভ্ৰমণ শীৰ্ষ পৰ্যায়ৰ বিনিময়ৰ ক্ষেত্ৰত দুয়োখন দেশৰ ঘনিষ্ঠতাৰ প্ৰতিফলন আৰু লগতে পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ'ব ।
বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে এই ভ্ৰমণে নেপালৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব । জানিব পৰা মতে ২০১৪ চনৰ পৰা এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পঞ্চম নেপাল ভ্ৰমণ হ'ব । লুম্বিনীত প্ৰধানমন্ত্ৰী মোডীয়ে মায়াদেৱী মন্দিৰ দৰ্শন কৰিব বুলি জানিব পৰা গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নেপাল চৰকাৰৰ অধীনত আয়োজিত বুদ্ধ জয়ন্তী অনুষ্ঠানতো ভাষণ প্ৰদান কৰিব ।আনহাতে বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।
Comments