Cartoon
View Older
গুৱাহাটী,১৫ মে':প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এণ্ড্ৰিউ চাইমণ্ডছে শনিবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে।শেহতীয়াকৈ সতীৰ্থ মহান খেলুৱৈ শ্বেন ৱাৰ্ণ আৰু ৰড মাৰ্শ্বৰ মৃত্যুৰ পিছত অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ বাবে এয়া আন এক কৰুণ আঘাত।
১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ অষ্ট্ৰেলিয়াৰ হৈ ২৬ খন টেষ্ট আৰু ১৯৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল খেলা ৪৬ বছৰীয়া চাইমণ্ডছ কুইন্সলেণ্ডৰ বাহিৰত এক গাড়ী দুৰ্ঘটনাত পতিত হয়।
আৰক্ষীয়ে কৈছিল যে জৰুৰীকালীন সেৱাসমূহে চালক আৰু একমাত্ৰ আৰোহীক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু গাড়ীখন ৰাস্তাতেই লুটি বাগৰ খোৱাৰ বাবে থিতাতে নিহত হৈছিল এণ্ড্ৰিউ চাইমণ্ডছ।
Comments