গুৱাহাটী,১৫ মে':অসম চৰকাৰে অংগৰাগ পাপন মহন্ত,সীমান্ত শেখৰ,মনিদিপা বৰকাকতি আৰু লয়া মাধুৰীক চৰকাৰী ব্যয়ত জনপ্ৰিয় কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে প্ৰেৰণ কৰিব । এক চৰকাৰী সূত্ৰই জনোৱা মতে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰৰ বাবে তেওঁলোকে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ যাব।মন্ত্ৰী বিমল বৰাই পূৰ্বতে ৮ জন ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰিছিল যদিও অৱশেষত ৪ লৈ কৰ্তন কৰি নতুন তালিকা প্ৰস্তুত কৰিছিল।য'ত উপৰোক্ত ব্যক্তি কেইজনক সন্নিবিষ্ট কৰা হৈছিল।
ইয়াকে লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিলে পৰিচালক,অভিনেতা তথা কবি হিমাংশু প্ৰসাদ দাসে,তেওঁ ফেচবুকৰ জৰিয়তে নিজৰ এই খুব প্ৰকাশ কৰিলে।তেওঁ লিখিছিল,"জয়চেং দহতিয়াই লিখিছে অসম চৰকাৰে এই বছৰ দুজন প্ৰতিনিধিক অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ পঠাবলৈ ঠিৰাং কৰিছে, নিশ্চয় এয়া সুদূৰপ্ৰসাৰী চিন্তা । কিন্তু প্ৰশ্ন হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আৰু সদিচ্ছাক লৈ । অতিকৈ উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে নিজ চেষ্টা আৰু অশেষ কষ্টৰ ফলত দুখনকৈ অসমীয়া ছবিয়ে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ চলচ্চিত্ৰ বজাৰলৈ নিৰ্বাচিত হৈছে(অৰ্থৰ বিনিময়ত নহয়) । এই মুহূৰ্তত এই ছবিদুখনৰ প্ৰতিনিধি তাত উপস্থিত থকাটো অতিশয় প্ৰয়োজনীয় আছিল । যাতে ছবি দুখনত উপস্থাপিত হোৱা অসমীয়া সমাজজীৱনক তেওঁলোকে ব্যাখ্যা কৰিব পাৰে । তাৰোপৰি মোৰ বাঘজান ছবিখনক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিবেশক, পৰিবেশক, মহোৎসৱৰ প্ৰতিনিধি আদিৰ সন্মুখত পোনপটীয়াকৈ বাৰ্তা ৰাখিবৰ বাবে এক সুযোগ প্ৰদান কৰিছিল, যাতে আজি দুটা বছৰে অতি কষ্টেৰে তিলতিলকৈ নিৰ্মান কৰা ছবিখনক সম্পূৰ্ণ কৰিবলৈ এটা সুযোগ পাওঁ ।
"কিন্তু সেই মঞ্চত উপস্থিত থকাৰ অদম্য হেঁপাহক আমাৰ দৰে ছবি নির্মাতাই দমন কৰিবলৈ বাধ্য হৈছোঁ একমাত্ৰ ইউৰোপৰ দৰে দেশত গৈ সেই ব্যয় বহন কৰিবলৈ অপাৰগ বাবে । কিন্তু হঠাৎ যেতিয়া গম পালোঁ অসম চৰকাৰে দুজন ব্যক্তিক এইবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ পঠিয়াবলৈ উঠি পৰি লাগিছে, আমাৰ বাবে- অসমীয়া চলচ্চিত্ৰৰ বাবে ইয়াতকৈ দুখৰ কথা আৰু একোৱেই থাকিবই নোৱাৰে, যি মুহূৰ্তত এই ছবিদুখনৰ প্ৰতিনিধিক চৰকাৰে পঠিয়াবলৈ সজোৰে চেষ্টা কৰিব লাগিছিল, সেই মুহূৰ্তত অসম চৰকাৰে আমাক এক সৌজন্যমূলক শুভেচ্ছা জনোৱাটো বাদেই, আমাৰ দৰে নৱ প্ৰজন্মৰ পৰিচালকৰ কটা ঘাঁত নিমখ চটিওৱাৰ দৰে কাম কৰিছে ।
"এয়াই হৈছে অসমীয়া চিনেমাৰ প্ৰতি তেওঁলোকৰ আচল দৰদ, যি মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্তিগত স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থক গুৰুত্ব দিবলৈ কয়, সেই মুহূৰ্তত এয়া তেওঁৰ প্ৰতিনিধিৰ সুদূৰপ্ৰসাৰী চিন্তা । আজি কাঁ চলচ্চিত্ৰ মহোৎসৱ প্ৰত্যেক বছৰে বছৰে আহিব, কিন্তু আমালৈ অহা এই সুযোগ দুনাই কেতিয়াও নাহে । আজি তেওঁলোকে ইচ্ছা কৰা হলে এই বছৰ আমাৰ দৰে ছবি পৰিচালক আগুৱাই নিব পাৰিলেহেঁতেন, কিন্তু আমাৰ দৰে ছবিৰ গইনা লৈ নিজ স্বাৰ্থ পূৰণ কৰিবলৈ উঠি পৰি লগতো অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যতৰ বাবে অতিকৈ এক অশনি সংকেত ।"
Comments