গুৱাহাটী,১৫ মে':বিগত সপ্তাহত স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মুকলি কৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ফলাফল অনুসৰি ভাৰতৰ অৰ্ধসংখ্যক পৰিয়ালে চৰকাৰী স্বাস্থ্য সুবিধাক প্ৰথম পছন্দত নাৰাখে। তেওঁলোেকৰ প্ৰায়েই ৰাজহুৱা চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ নিম্ন মানদণ্ডৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।
জৰীপ প্ৰতিবেদনে দেখুৱাইছে যে ২০১৯-২১ বৰ্ষত সাধাৰণতে চৰকাৰী স্বাস্থ্য সুবিধা ব্যৱহাৰ নকৰা পৰিয়ালৰ শতাংশ আছিল ৪৯.৯ শতাংশ যি ২০১৫-১৬ বৰ্ষতকৈ কম আছিল।
২০১৯-২১ বৰ্ষত, এনে পৰিয়ালৰ অনুপাত বিহাৰত সৰ্বাধিক আছিল (৮০ শতাংশ) তাৰ পিছত আছিল উত্তৰ প্ৰদেশ (৭৫ শতাংশ),লাডাখ, লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সৰ্বনিম্ন আছিল (৫ শতাংশ)।উত্তৰ প্ৰদেশত সাধাৰণতে চৰকাৰী সুবিধা ব্যৱহাৰ নকৰা পৰিয়ালৰ অনুপাত সামান্য হ্ৰাস পাইছে।বিহাৰত কিন্তু একে সময়ছোৱাত বৃদ্ধি পাইছে। বিহাৰৰ উপৰিও, আন ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এনে পৰিয়ালৰ শতাংশ সামান্য বৃদ্ধি পাইছে।উত্তৰাখণ্ডত ২০১৫-১৬ বৰ্ষৰ ৫০.৫ শতাংশৰ পৰা ২০১৯-২১ বৰ্ষত ৫৫.৭ শতাংশলৈ বৃদ্ধি হৈছিল।
Comments