গুৱাহাটী,১৫ মে':গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত প্ৰতিটো বছৰে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিভিন্ন প্ৰকাৰে দাবী উত্থাপন কৰি আহিছে। বিশ্ববিদ্যালয়ৰ আৱাস সমূহত বিজ্ঞানসন্মত নলা-নৰ্দমা নাই ।এজাক বৰষুণতেই ছাত্ৰ আৰু ছাত্ৰী নিৱাসৰ চৌহদ জলমগ্ন হৈ পৰে ।
ৰাস্তাত কৃত্ৰিম বান হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ আৰ.চি.চি ৫ আৰ ৮ নং ছাত্ৰী নিবাসৰ ছাত্ৰীসকল ক্লাছলৈ অহা যোৱা কৰাত অসুবিধা হয় । এইবোৰ সমস্যাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি কিছুদিনৰ আগতে প্ৰতিবাদ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷
প্ৰতিবাদৰ মাজেৰে এই সমস্যাবোৰ শীঘ্ৰেই সমাধান কৰাৰ দাবী তুলি এখন স্মাৰক পত্ৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই । কিন্তু সকলো যেন হৈ পৰিল ফুটুকাৰ ফেন, বিশ্ববিদ্যালয়ৰ ভিতৰত সৃষ্টি হ'ল এখন সাগৰ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ কেম্পাছত থকা ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাস এতিয়া একাঠু পানীৰ তলত।বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াৰ স্থায়ী সমাধানৰ বাবে কাম কৰাৰ সলনি ক্ষন্তেকীয়া সমাধান হিচাপে বালি ভৰ্তি বেগবোৰ ৰাস্তাৰ কাষত পেলাই দিয়াহে পৰিলক্ষিত হৈছিল।
এনে অৱস্থাৰ ইয়াৰ মূল কাৰণ হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ কাষত থকা ডাঙৰ পিটনি পুতি বনাই থকা ব্ৰহ্মপুত্ৰ ষ্টাডি চেন্টাৰ। এই ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসৰ পানী সমূহ আগতে উক্ত পিতনিলৈ পৰিবাহিত হৈছিল কিন্তু এতিয়া পানী জমা হোৱাৰ স্থান পুতি পেলোৱাত এনেদৰে এজাক বৰষূণতেই জলমগ্ন হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।
Comments