বেংকক, ১৫ মে’ ঃ থমাছ কাপ বেডমিণ্টন প্ৰতিযোগিতাত প্ৰথমবাৰলৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতীয় পুৰুষ বেডমিণ্টন দলটোৱে আজি ইয়াত এক ইতিহাসৰ সৃষ্টি কৰে৷ ভাৰতে থমাছ কাপৰ ৭৩ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰে৷
আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলটোৱে ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-ঙ্ম ব্যৱধানত পৰাজিত কৰে৷ ভাৰতে থমাছ কাপ জয় কৰি বেডমিণ্টনৰ জগতখনত ইণ্ডোনেছিয়া, চীন, ডেনমাৰ্ক আৰু মালয়েছিয়াৰ আধিপত্যৰো অৱসান ঘটালে৷
উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াক ৩-২ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত উপনীত হৈ ইতিহাসৰ সৃষ্টি কৰিছিল৷ দলটো ৪৩ বছৰৰ পাছত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হৈছিল৷ ইয়াৰ আগেতে ১৯৫২, ১৯৫৫, ১৯৭৯ বৰ্ষত ভাৰতে ছেমি ফাইনেল খেলিছিল৷
এইবাৰ ভাৰতে প্ৰথমবাৰলৈ প্ৰতিযোগিতাৰ স্বৰ্ণ পদক জয় কৰে৷ উল্লেখযোগ্য যে ইণ্ডোনেছিয়াই সৰ্বাধিক ১৪ বাৰ প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছে৷ ইয়াৰ পাছতে চীনে ১০ বাৰ, মালয়েছিয়াই প্ত বাৰ আৰু জাপান তথা ডেনমাৰ্কে এবাৰকৈ খিতাপ জয় কৰিছে৷ ছেমি ফাইনেলত ভাৰতে ডেনমাৰ্কক ৩-২ ব্যৱধানত পৰাজিত কৰিছিল৷
আজি ফাইনেলৰ প্ৰথমখন মেচত লক্ষ্য সেনে জয়লাভ কৰি ভাৰতক ৰ-ঙ্ম অগ্ৰগতি দিয়ে৷ লক্ষ্যই ইণ্ডোনেছিয়াৰ এন্থনী ছিনিছুকা গিনটিঙৰ হাতত প্ৰথম গেমটোত পৰাজিত হয়৷ অৱশ্যে পাছৰ দুটা ছেটত লক্ষ্যই তীব্ৰ প্ৰত্যাহ্বান জনাই আৰু দুয়োটা নিজৰ দখললৈ নিয়ে৷ তেওঁ মেচখনত জ্জ্ব-২১, ২১-১৭, ২১-১৬ ব্যৱধানত জয়ী হয়৷
ইয়াৰ পাছত হোৱা ডাবলছ মেচখনত ভাৰতৰ সাত্বিক সাইৰাজ ৰংকী ৰেড্ডী আৰু ছিৰাজ চেট্টীয়ে কেভিন সঞ্জায়া-মহম্মদ অহছান যুটিক ১৮-২১, ২৩-২১, ২১-১৯ ব্যৱধানত পৰাজিত কৰি ভাৰতৰ অগ্ৰগতি ২-ঙ্ম কৰে৷ তৃতীয়খন মেচত কিডাম্বী শ্ৰীকান্তে ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টোক ২১-১৫, ২৩-২১ গেমত পৰাজিত কৰে৷
ইয়াৰ লগে লগে ভাৰতে ৩-ঙ্ম ব্যৱধানত ফাইনেলখন জয় কৰে৷ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দই থমাছ কাপ বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈৰ দলটোক অভিনন্দন জনাইছে৷ ৰাষ্ট্ৰপতিয়ে এটা বাৰ্তাত কয় যে আপোনালোকক লৈ দেশে গৌৰৱবোধ কৰিছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থমাছ কাপ জয় কৰা ভাৰতীয় পুৰুষ বেডমিণ্টন দলটোক অভিনন্দন জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে এটা বাৰ্তাত কয় যে ভাৰতীয় বেডমিণ্টন দলটোৱে ইতিহাসৰ সৃষ্টি কৰিলে আৰু তেওঁলোকৰ এই জয়ে দেশৰ ভালেমান উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে থমাছ কাপ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈসকলক বেংককৰ পৰা উভতি অহাৰ পাছত তেওঁক বাসভৱনলৈ নিমন্ত্ৰণ জনাইছে৷
ভাৰতীয় দলটোৱে আজি ফাইনেলত জয়লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকলৈ ফ’ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘আপোনালোকে বৃহৎ সফলতা অৰ্জন কৰিলে৷ ভাৰতীয় ক্ৰীড়াত ই অন্যতম শ্ৰেষ্ঠ জয়৷’ ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও ভাৰতীয় দলটোক অভিনন্দন জনাইছে৷ তেওঁ লগতে থমাছ কাপ বিজয়ী ভাৰতীয় দলটোক এক কোটি টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে৷
Comments