Cartoon
View Older
গুৱাহাটী,১৬ মে':মেঘালয়ৰ ইউএছটিএমৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ গোলাম মহিউদ্দিনক ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডিএছটি) এক গুৰত্বপূৰ্ণ সংস্থা বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে (এছইআৰবি) ২০২২-২০২৩ বৰ্ষৰ বাবে আন্তৰ্জাতিক গৱেষণাৰ ফেল'শ্বিপ প্ৰদান কৰা হৈছে।
ফেল'শ্বিপটো ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ফেল' অধ্যাপক ডানকান ডব্লিউ ব্ৰুছৰ সৈতে কাম কৰিবলৈ অনুমোদন জনোৱা হৈছে।ড০ গোলাম মহিউদ্দিনক ডিএছটি-এছইআৰবি দ্বাৰা য়ৰ্ক বিশ্ববিদ্যালয়ত "Devising highly stable room-temperature amorphous blue phase material for advanced electro-optical and security applications" শীৰ্ষক প্ৰকল্পটোৰ ওপৰত ছয় মাহৰ বাবে গৱেষণাৰ বাবে সন্মানীয় ফেল'শ্বিপ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
Comments