গুৱাহাটী, ১৩ মেঃ ভাৰতত শুক্ৰবাৰে ২,৮৪১ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াকে লৈ দেশত ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা ১৮,৬০৪ জনলৈ বৃদ্ধি পাইছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত কৰা ৪,৮৬,৬২৪ টা পৰীক্ষাৰ পৰা নতুন আক্ৰান্ত ৰোগী ধৰা পৰিছে।
মন্ত্ৰালয়ে লগতে জনায় যে দেশত অনুষ্ঠিত সামগ্ৰিক পৰীক্ষাৰ পৰিমাণ হৈছে ৮৪.২৯ কোটি। ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,২৯৫ জন ৰোগী ক'ভিড আৰোগ্য হৈছে, ইয়াকে লৈ দেশৰ ক'ভিড পুনৰুদ্ধাৰৰ সংখ্যা ৪,২৫,৭৩,৪৬০ জনলৈ বৃদ্ধি পাইছে।
মন্ত্রালয়ৰ প্ৰকাশিত তথ্য অনুসৰি সক্ৰিয় ৰোগীৰ হাৰ ০.০৪ শতাংশ আৰু পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।
ইয়াৰ লগতে, দৈনিক পজিটিভ ৰোগীৰ হাৰ ০.৫৮ শতাংশ আৰু সাপ্তাহিক পজিটিভ ৰোগীৰ হাৰ ০.৬৯ শতাংশ। লক্ষণীয়ভাৱে, ভাৰতত বিগত ২৪ ঘণ্টাত ৯ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। যাৰ ফলত ক'ভিডৰ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ৫,২৪,১৯০ ত উপনীত হৈছে।
Comments